ETV Bharat / state

কামপুৰত আশ্ৰয় শিবিৰো বানৰ কবলত, ডুবিল সমগ্রী কঢ়িওৱা নাও

author img

By

Published : May 18, 2022, 10:47 PM IST

বানৰ কবলত নগাঁৱৰ কামপুৰৰ ৭০ খনৰো অধিক ৰাজহ গাঁও । হাঁহাকাৰ পৰিবেশ কামপুৰত । আশ্ৰয় শিবিৰো বানৰ কবলত । সলনি কৰিবলগীয়া হৈছে এটাৰ পিছত এটা শিবিৰ । টুলুঙা নাৱেৰে ঘৰৰ সামগ্ৰী উদ্ধাৰৰ চেষ্টা একাংশৰ । বানত ডুবিল সামগ্ৰী কঢ়িওৱা টুলুঙা নাও । কথমপি প্ৰাণৰক্ষা দুজনৰ ।

কামপুৰত আশ্ৰয় শিবিৰো বানৰ কবলত, ডুবিল সমগ্রী কঢ়িওৱা নাওঁ

নগাঁও, 18 মে': চৌদিশে কেৱল পানী আৰু পানী । সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে এতিয়া কামপুৰৰ বিভিন্ন অঞ্চলত । ভয়াবহ হৈ পৰিছে কামপুৰৰ বান পৰিস্থিতি । কামপুৰত কপিলী, বৰপানী নদীৰ সমান্তৰালকৈ এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে নিশাৰী নৈয়ে ।

নিশাৰী নৈৰ বানে তেতেলীসৰা গ্ৰান্টৰ প্ৰায় ১৬খনকৈ গাঁৱক প্লাবিত কৰাৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানি পথৰ ওপৰৰে পানী বাগৰাৰ ফলত স্থানীয় প্ৰশাসনে পথটোৰ যাতায়ত সাময়িক ভাবে বন্ধ কৰি দিছে ।পানী কমিলেহে পথটো খুলি দিয়া হব বুলি জানিবলৈ দিছে প্ৰশাসনে ।

ইফালে তেতেলীসৰা গ্ৰান্টৰ বানত আক্ৰান্ত বৰ্নাত্য‌ই এতিয়া আশ্ৰয় লব লগা হৈছে বিদ্যালয়ত । কিন্তু আশ্ৰয় লৈছে যদিও আশ্ৰয়স্থলীত পানী হোৱাত তেওঁলোকক পুনৰ নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । গ্ৰাণ্টৰ ডেৰশৰো অধিক পৰিয়াল বানৰ কবলত । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে বৰ্নাত্য‌ই । জিলা প্ৰশাসনৰ ফালৰ পৰা কেৱল চিৰা আৰু চেনীহে যোগান ধৰা হৈছে বুলি বানাক্ৰান্তসকলে জানিবলৈ দিছে ।

ইপিনে বানৰ ফলত নাজল নাথল অৱস্থা হৈছে পশুধন সমূহৰ । ইফালে বুধবাৰে সামগ্ৰী কঢ়িওৱা এখন নাও পতিত হয় দুৰ্ঘটনাত । নিজা ঘৰৰ সামগ্ৰী কঢ়িয়াই আশ্ৰয় শিবিৰলৈ লৈ যোৱাৰ সময়তে বাঢ়নী পানীত ডুব যায় নাওখন । নাওখনত অহা ইক্ৰামূল হ'ক আৰু হানিফা আহমেদ নামৰ লোক দুজনকো বাঢ়নী পানীয়ে উটুৱাই নিয়ে যদিও স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোক দুজনক ।

লগে লগে দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এক অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে এতিয়া কামপুৰ অঞ্চলত । এফালে বানৰ তাণ্ডৱ, আনফালে তীব্ৰ খাদ্য সংকটত ভুগিছে কামপুৰৰ বানাক্ৰান্ত ৰাইজ ।

লগতে পঢ়ক: উচ্ছেদিত পৰিয়ালক লগত লৈ ২৩ মে'ত দিছপুৰ কপাঁবলৈ সাজু অখিল বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.