ETV Bharat / state

33 KV বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি জ্বলি উঠিল বিয়াঘৰ

author img

By

Published : Jul 4, 2022, 7:06 PM IST

বিয়াঘৰত ছিগি পৰিল 33 KV বিদ্যুৎ পৰিবাহী তাঁৰ ৷ মূহুৰ্ততে লাগিল হুৱা-দুৱা । বিদ্যুতৰ সংস্পৰ্শত জ্বলি উঠিল বিয়া ঘৰৰ বিভিন্ন আচবাব (Fire breaks out in wedding hall)। এই ঘটনা সংঘটিত হৈছে ধিঙৰ নেপালী গাঁৱৰ সমীপৰ এটা গলিত ।

Fire breaks out in wedding hall
Fire breaks out in wedding hall

ধিং, 4 জুলাই : এখন বিয়া ৷ ৰভাতলিত উদুলি-মুদুলি পৰিৱেশ ৷ বিয়াৰ ভোজ-ভাতৰ পৰ্বৰ পাচত দৰা সাজি-কাচি ওলাই গৈছে কইনা আনিবলৈ ৷ কাৰো গাত তৎ নাই ৷ তেনেতে ঘটিল এক অঘটন ৷ হঠাৎ জ্বলি উঠিল বিয়াৰ ৰভাতলি (Fire breaks out in wedding hall) ৷ বিয়াঘৰত ছিগি পৰিল 33 KV বিদ্যুৎ পৰিবাহী তাঁৰ ৷ মূহুৰ্ততে লাগিল হুৱাদুৱা । বিদ্যুতৰ সংস্পৰ্শত জ্বলি উঠিল বিয়া ঘৰৰ বিভিন্ন আচবাব । এই ঘটনা সংঘটিত হৈছে ধিঙৰ নেপালী গাঁৱৰ সমীপৰ এটা গলিত ।

উল্লেখ্য যে, প্ৰতিমা দাস নামৰ মহিলা গৰাকীৰ পুত্ৰৰ বিয়া আছিল দেওবাৰে ৷ কন্যাৰ ঘৰলৈ দৰা যোৱাৰ পাচত বিয়া ঘৰত কিছুসংখ্যক লোক উপস্থিত আছিল । ঠিক তেনে সময়তেই সংঘটিত হয় এই ঘটনা (Electric short circuit in Dhing)৷ এই ঘটনা সন্দৰ্ভত ধিং বিদ্যুৎ উপ সংমণ্ডলক অৱগত কৰাৰ পাচতো সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

33 KV বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি জ্বলি উঠিল বিয়াঘৰ

33 KV তাঁৰ আবাসিক অঞ্চলৰ ঘৰৰ ওপৰেৰে লৈ যোৱা হৈছে যদিও তাত কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা কৰা নাই বিদ্যুৎ বিভাগে । যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মূহুৰ্ততে সেই অঞ্চলত সংঘটিত হ’ব পাৰে ভয়ংকৰ অঘটন । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী প্ৰশাসনকো অৱগত কৰিছে সমস্ত ঘটনা । বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অদূৰ ভৱিষ্যতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বৰ্তমানেও ৰাজ্যৰ দুই লক্ষাধিক বন্যাক্রান্ত আশ্রয় শিৱিৰত আৱদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.