ETV Bharat / state

জুৰীয়াত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

তেলীয়া বেবেজীয়া গাঁৱৰ প্ৰয়াত সত্য শইকীয়াৰ পৰিত্যক্ত অৱস্থাত থকা বাসগৃহত পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও পৰিত্যক্ত অৱস্থাত অৱস্থাত থকা গৃহটোৰ আৱৰ্জনা আৰু খেৰৰ দমৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷

জুৰীয়াত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড
জুৰীয়াত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Apr 17, 2021, 2:29 PM IST

Updated : Apr 17, 2021, 3:52 PM IST

ৰূপহীহাট, 17 এপ্ৰিল : ৰূপহীহাটৰ জুৰীয়াত শনিবাৰে পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জুৰীয়া তেলীয়া বেবেজীয়া গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ । ৰাইজৰ প্ৰচেষ্টা আৰু শেহতীয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপনত কৰা হয় ৷ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে ওচৰৰ পৰিয়ালৰ ঘৰৰ লগতে সম্পূৰ্ণ গাঁওখন ৷

জুৰীয়াত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

তেলীয়া বেবেজীয়া গাঁৱৰ প্ৰয়াত সত্য শইকীয়াৰ পৰিত্যক্ত অৱস্থাত থকা বাসগৃহত পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰে সম্পূৰ্ণ গৃহটো ৷ অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও পৰিত্যক্ত অৱস্থাত অৱস্থাত থকা গৃহটোৰ আৱৰ্জনা আৰু খেৰৰ দমৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ শুকুৰবাৰে নিশা গৃহটোৰ পৰা ৫০ মিটাৰ দূৰত্বত বিহুৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল ৷ একাংশৰ মতে বজ্ৰপাতৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ ৰাইজৰ তৎপৰতা আৰু যথাসময়ত অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপিত হয় । যাৰ ফলশ্ৰুতিত কথমপি ৰক্ষা পৰে ওচৰ পৰিয়ালৰ গৃহসমূহ ৷

উল্লেখ্য যে, সঘনাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা জুৰীয়াত নাই কোনো অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ ৷ যাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে অঞ্চলটোত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপনৰ দাবী জনাইছে ৷

লগতে পঢ়ক : প্ৰচণ্ড ধুমুহাত কথমপি প্ৰাণ ৰক্ষা এজন চালকৰ

Last Updated : Apr 17, 2021, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.