নগাঁও,13 ফেব্ৰুৱাৰী: নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ সমীপৰ ফাঁচীৰোড পানীটেংকি অঞ্চলত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অঞ্চলটোত নিশা দাউ-দাউকৈ জ্বলি উঠে প্ৰায় ১৫ টাৰো অধিক ঘৰ ৷ নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ফাঁচীৰোডৰ ৰে’ল আলিৰ দাঁতিত বাস কৰা কেইবাটাও পৰিয়াল ৷ জুইত সম্পূৰ্ণৰূপে জাহ যায় আকবৰ আলী, ভাইটি আলী, চুকুৰ আলী, আছাদুল হক, মাইনুল হক, আবুত আলম নামৰ লোককেইজনৰ বাসগৃহৰ লগতে সা-সম্পত্তি ৷ এই অগ্নিকাণ্ডক লৈ হাহাকাৰ লাগে অঞ্চলটোৰ ৰাইজৰ মাজত ৷
পাছত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় 2 ঘণ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ একাংশই ৰে’ল লাইনৰ দাঁতিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা লোকসকলৰ ঘৰত নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আন একাংশই আকৌ বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে ৷
লগতে চাওকঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি