ETV Bharat / state

নিজৰ ঘৰতে গৰু চুৰি কৰিবলৈ গৈ ধৰা পৰিল যুৱক: পিতৃয়ে গতালে আৰক্ষীক

author img

By

Published : Jul 25, 2021, 12:16 PM IST

দীৰ্ঘদিন ধৰি ৰঙাগড়া চাহ বাগিছাত গৰু চুৰি কৰি তাণ্ডৱ চলাই আছিল একেখন গাঁৱৰে তিনিজন যুৱকে ৷ অৱশেষত, ইয়াৰে এজনে সহযোগীৰ সৈতে নিজৰ ঘৰতে গৰু চুৰি কৰিবলৈ ধৰা পৰিল পিতৃৰ হাতত ৷

father caught son stealing own cattle and took the matter to police
নিজৰ ঘৰতে গৰু চোৰ কৰিবলৈ গৈ ধৰা পৰিল যুৱক পিতৃয়ে গতালে আৰক্ষীক

চামগুৰি, 25 জুলাই : শনিবাৰে চামগুৰিৰ ৰঙাগড়া চাহ বাগিছাত গৰু চুৰি কাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হ’ল এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ দুজন সহযোগীৰ সৈতে নিজৰ ঘৰৰেই গৰু চুৰি কৰিবলৈ গৈ পিতৃৰ হাতত ধৰা পৰিল যুৱক ৷ পুত্ৰৰ কুকীৰ্তি ধৰা পৰাত পিতৃয়ে নিজেই গাঁৱৰ ৰাইজৰ হাতত গতাই দিলে পুত্ৰ আৰু পুত্ৰৰ সহযোগী গৰু চোৰ কেইটাক ৷

উল্লেখ্য যে, ৰঙাগড়া চাহ বাগিছাৰ ৪ নং লাইনৰ প্ৰবীণ লোহাৰ, পিয়ুষ ইন্দোৱাৰ আৰু জাষ্টিন ইক্কা নামৰ যুৱক কেইজনে দীৰ্ঘ সময় ধৰি নিজ গাঁৱতে গৰু চুৰি কাৰ্যত লিপ্ত হৈ আছিল ৷ গৰু চুৰিৰ উপৰিও কৰি পুখুৰীৰ মাছ আৰু আন আন সা-সম্পত্তি চুৰি কৰি তিনিও ত্ৰাসৰ সৃষ্টি কৰিছিল গাঁওখনত ৷ চাহ বাগানীয়া জনবসতি প্ৰধান গাঁওখনৰ সকলো ৰাইজ বাগানৰ কামলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি দিন দুপৰতেই গাঁওখনৰ গৰু চোৰ কৰি আনগাঁৱৰ কেইজনমান বিশেষ লোকক এই গৰু বিক্ৰী কৰি আহিছে যুৱক কেইজনে ৷

অৱশেষত, শনিবাৰে গৰু চুৰি কৰিবলৈ গৈ তিনিও ধৰা পৰিলত ইমান দিনে চলি থকা চুৰি কাৰ্যৰ আঁৰৰ মুখ কেইখন পোহৰলৈ আহে ৷ সেয়েহে, আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত নোহোৱা পৰ্যন্ত তিনিওটা চোৰক বান্ধি থৈ ক্ষোভ উজাৰিলে গাঁৱৰ ৰাইজে ৷

ইফালে, ৰাজ্যত চলি থকা গৰুৰ চোৰাং সৰবৰাহ(illegal cattle trafficking)ৰ ঘটনাৰ সৈতেও এই ঘটনাৰ সংগতি থকাৰ কথা পোহৰলৈ আহিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে, ইতিমধ্যে গাঁওখনৰ প্ৰায় 30-40 টা গৰু চুৰ কৰি ময়নুল আৰু চৰিফুল নামৰ কোনো ব্যৱসায়ীক যোগান ধৰি আহিছিল যুৱককেইজনে ৷ ৰাজ্য তথা দেশজুৰি গো-সংৰক্ষণ বিধেয়কে(cattle preservation bill) বিতৰ্কৰ সৃষ্টি কৰি থকাৰ সময়তে এতিয়া এইদৰে গাঁৱে-ভূঞে গৰু চোৰ হোৱা কাৰ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.