দেৰগাঁও,18 ফেব্ৰুৱাৰীঃ ৰাজ্যত শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে জালনোট সৰবৰাহকাৰী চক্ৰ ৷ ৰাজ্যৰ চুকে কোণে নকল টকাসহ কেইবাজনো লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷ এইবাৰ নকল টকাসহ দেৰগাঁও আৰক্ষীৰ জালত পৰিল মহিলা ৷ ধৃত মহিলাগৰাকীৰ নাম হাছনা বেগম ৷ দেৰগাঁৱৰ ইছলাম নগৰত থকা মহিলাগৰাকীৰ দোকানত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে 45 হাজাৰ নকল টকা ৷
দেৰগাঁৱৰ সমান্তৰালকৈ নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জালনোট সৰবৰাহকাৰী ৷ বহিঃৰাজ্যৰ এজন লোকে যোগান ধৰা বৃহৎ পৰিমাণৰ জালনোট লক্ষীমপুৰলৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক জন দাস আৰু নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷
যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ডেৰ লাখ টকাৰ জাল নোট ৷ লক্ষীমপুৰ লালুকৰ পৰা আটক কৰা জাকাৰুল ইছলাম খান নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে জালনোট সহ এখন চাৰিচকীয়া বাহন আৰু ম’বাইল ফোন জব্দ কৰে ৷
লগতে পঢ়ক-চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডঃ কি পৰ্যায়ত তদন্ত প্ৰক্ৰিয়া !