ETV Bharat / state

সুৰ সলনি কৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা ৰাজেন গোহাঁইৰ

author img

By

Published : Sep 5, 2022, 9:36 PM IST

কম দিনৰ ভিতৰতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ দুই বিপৰীত ভাষ্যই চৰ্চা লাভ কৰিছে ৷ এদিন যদি ন-বিজেপিক ককৰ্থনা, আন এদিন উপচাই পেলায় প্ৰশংসাৰে (Rajen Gohain appreciates CM Himanta Biswa Sarma) ৷ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত ৰখাৰ স্বাৰ্থতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সুৰ সলোৱা বুলি চৰ্চিত হৈছে বিভিন্ন মহলত ৷

Rajen Gohain has gone unimportant in BJP
সুৰ সলনি কৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা ৰাজেন গোহাঁইৰ

নগাঁও, 5 ছেপ্টেম্বৰ: হয়তো নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থতেই সুৰ সলাবলৈ বাধ্য হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ৷ শেহতীয়াকৈ এই প্ৰশ্ন উত্থাপন হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতাগৰাকীয়ে প্ৰদান কৰা দুই বিপৰীত ভাষ্যৰ ভিত্তিত ৷ ন বিজেপিৰ প্ৰসংগত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এসময়ত আওপকীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকে আক্ৰমণ কৰা দেখা গৈছিল ৷

নতুনকৈ বিজেপিত যোগদান কৰি ডাঙৰ নেতা হোৱা বুলি উল্লেখ কৰি তেওঁ কৈছিল যে, বিজেপি দলৰ প্ৰতি থকা ৰাইজৰ আস্থা আৰু ভালপোৱাৰ বাবেহে নতুনকৈ বিজেপিত যোগদান কৰাসকলে উচ্চ আসনত অধিস্থিত হ’ব পাৰিছে ৷ ইয়াতেই স্পষ্ট হৈছিল যে, বিজেপিত নতুনকৈ যোগদান কৰি গুৰুত্ব লাভ কৰাসকলৰ ওপৰত ক্ষুন্ন হৈ পৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী (Rajen Gohain has gone unimportant in BJP) ৷

বিজেপি দলত একপ্ৰকাৰে গুৰুত্ব হেৰুওৱা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁয়ে এইবাৰ সলনি কৰিছে নিজৰ ভাষ্য । নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থতে এতিয়া যেন সুৰ সলাবলৈ বাধ্য হৈ পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই (BJP leader Rajen Gohain)।

শেহতীয়াকৈ ৰাজ্য তোলপাৰ লগোৱা জেহাদী আৰু মাদ্ৰাছা উচ্ছেদ প্ৰসংগতো মন্তব্য কৰি মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলাই ৰাজেন গোহাঁয়ে (Rajen Gohain appreciates CM Himanta Biswa Sarma)৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট ৰখাৰ ওপৰতে যেন নিৰ্ভৰশীল ৰাজেন গোঁহাইৰ ৰাজনৈতিক ভৱিষ্যত । যাৰ বাবে পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পূৰ্বে কৰা সকলো বিষোদগাৰ পাহৰি প্ৰশংসাত ব্যস্ত হৈ পৰিছে ৰাজেন গোহাঁই ।

উল্লেখযোগ্য যে, ৰহাৰ পৰা এইম্ছ স্থানান্তৰকে ধৰি কেবাটাও প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ থকা ৰাজেন গোহাঁইৰ হঠাৎ সুৰ সলনি হোৱা বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰিছে ৰাজনৈতিক মহলত ।

লগতে পঢ়ক: সর্বানন্দ সোণোৱালক উষ্ম অভিনন্দন ৰাজ্য়িক বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.