ETV Bharat / state

জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ - Erosion at Borghuli of Koliabor

বাৰিষাৰ আৰম্ভনিতেই কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এতিয়া নিদ্ৰা সৰিছে বৃহত্তৰ বৰঘুলী অঞ্চলটোৰ শ শ ৰাইজৰ ৷

Erosion at Borghuli of Koliabor
জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ
author img

By

Published : May 26, 2020, 8:37 PM IST

নগাঁও, 26 মে': কৰ'ণাৰ আতংকৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ আন বহু কেইখন জিলাৰ দৰে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ বৰঘুলীতো ভয়ংকৰ ৰূপ লৈছে লুইতৰ গৰাখহনীয়াই ৷ বাৰিষাৰ আৰম্ভনিতেই কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এতিয়া নিদ্ৰা সৰিছে বৃহত্তৰ বৰঘুলী অঞ্চলটোৰ শ শ ৰাইজৰ ৷

জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

উল্লেখ্য যে, মঙলবাৰৰ দিনটোতে অঞ্চলটোৰ বৃহৎ ভূমি জাহ গৈছে লুইতৰ খহনীয়াত ৷ এই ভয়াৱহ দৃশ্য প্ৰতক্ষ কৰি আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ মঙলবাৰে উক্ত অঞ্চলটোত লুইতৰ বুকুত জাহ যায় এটা নিৰ্মীয়মান পকী মছজিদ ৷ লগতে নিমিষতে জাহ যায় বহু পৰিয়ালৰ ভেটি মাটিৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷ হঠাৎ লুইতৰ খহনীয়াই এনে কালৰূপ ধাৰণ কৰাত এতিয়া এক হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ বৰঘুলী অঞ্চলটোত ৷

লগতে পঢ়কঃ কোৱাৰেন্টাইন কেন্দ্ৰত নিয়ম উলংঘা কৰিলে বৃদ্ধি পাব কোৱাৰেন্টাইনৰ ম্যাদঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.