ETV Bharat / state

ঘৰে ঘৰে গৈ অবৈধ বিদ‍্যুৎ সংযোগ কৰ্তন APDCL ৰ

author img

By

Published : Jun 29, 2021, 8:46 AM IST

অসৎ গ্ৰাহকৰ বিৰুদ্ধে কলিয়াৰত অসম শক্তি বিতৰণ নিগমৰ অভিযান ৷ বক্ৰ পথেৰে বিদ‍্যুৎ ব‍্যৱহাৰ কৰা গ্ৰাহকৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন শক্তি বিভাগৰ ৷ অসৎ গ্ৰাহকক ৰেহাই নিদিয়াৰ সংকল্প লৈছে শক্তি বিভাগে ৷

ঘৰে ঘৰে গৈ অবৈধ বিদ‍্যুৎ সংযোগ কৰ্তন APDCL ৰ
ঘৰে ঘৰে গৈ অবৈধ বিদ‍্যুৎ সংযোগ কৰ্তন APDCL ৰ

কলিয়াবৰ, 29 জুন : ৰাজ‍্যত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পৰাই কেইবাটাও বিভাগ সক্ৰিয় হৈ পৰা দেখা গৈছে । সেই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)। ৰাজ‍্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ‍্যুৎ সংযোগ কৰি আহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এ পি ডি চি এলে । এই শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা কাৰ্য‍ এতিয়া এচাম অসৎ বিদ‍্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ।

বিগত সময়ছোৱাত নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বিভাগটো মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ইতিমধ‍্যে বিদ‍্যুৎ চুৰিত সিদ্ধহস্ত বৃহৎ ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সাধাৰণ গ্ৰাহকলৈকে মূৰৰ কামোৰণি হৈ উঠা দেখা গৈছে । ফলস্বৰূপে সৎ বিদ‍্যুৎ গ্ৰাহকসকলে স্বস্তিৰ নিস্বাস পেলাইছে । তাৰ মাজতে সোমবাৰে কলিয়াবৰত অসম শক্তি বিতৰণ কোম্পানীৰ কলিয়াবৰ উপ-সংমণ্ডলৰ প্ৰৱন্ধক কাৰ্য‍ালয়ৰ এটি দলে শিলঘাট অঞ্চলত অসৎ বিদ‍্যুৎ গ্ৰাহকৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযান কালত দহ গৰাকী গ্ৰাহকে অনিয়মৰ জৰিয়তে বিদ‍্যুৎ ব‍্যৱহাৰ কৰি থকা কাৰ্য‍ হাতে-লোটে ধৰা পেলাই বিদ‍্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়ে ।

এই অনিয়ম কাৰ্য‍ত জড়িত থকা শিলঘাটৰ অনিল কুমাৰ বৰা আৰু মোহনলাল গুপ্তাৰ বিৰুদ্ধে বিভাগীয়ভাবে কলিয়াবৰ আৰক্ষী নিৱেশত পৃথকে-পৃথকে গোচৰ ৰুজু কৰা হ'ব বুলি প্ৰৱন্ধক কাৰ্য‍ালয়ৰ পৰা জনোৱা হৈছে । এচাম অসৎ বিষয়া-কৰ্মচাৰীৰ সহযোগত ৰাজ‍্যত বিদ‍্যুৎ গ্ৰাহকৰ ব‍্যপক চুৰি কাৰ্য‍্যৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈ আহিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ।

এই ক্ষেত্ৰত কলিয়াবৰ প্ৰৱন্ধকৰ কাৰ্য‍্যালয়ৰ তৰফৰ পৰা কলিয়াবৰৰ গ্ৰাহকসকলক চৰকাৰী নীতি-নিয়ম মানি চলি বিদ‍্যুৎ ব‍্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে বৰ্ধিত বিদ‍্যুৎ ব‍্যৱহাৰৰ ক্ষেত্ৰত বিভাগীয় অনুমতি সহ উপযুক্ত মিটাৰ ব‍্যৱহাৰৰ ক্ষেত্ৰত বিভাগৰ লগত সহযোগ কৰিবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত কলিয়াবৰত প্ৰতিগৰাকী বিদ‍্যুৎ গ্ৰাহকৰ বিদ‍্যুৎ ব‍্যৱহাৰৰ মান নিৰূপন কৰিবলৈ অচিৰেই অভিযান আৰম্ভ কৰিব বুলি বিভাগীয় বিষয়াই সদৰি কৰে ।

উল্লেখযোগ্য যে, ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰা পাচৰে পৰা দুৰ্নীতি, অসামাজিক কাৰ্যকলাপ, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষী, প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰী সকলক নিৰ্দেশ প্ৰদান কৰিছে ৷ সেই সমূহৰ ভিতৰত ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিভাগ হ’ল শক্তি বিভাগ অৰ্থাৎ বিদ্যুৎ বিভাগ ৷ এই বিভাগটো দীৰ্ঘদিনৰ পৰা লোকচানৰ সন্মুখীন হৈ আহিছে বিভাগীয় গাফিলতিৰ ফলত ৷

সেয়েহে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাক কঠোৰ হৈ বিভাগটো পৰিচালনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল ৷ মন্ত্ৰী বিমল বৰাইও দায়িত্বভাৰ লৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ লগতে বিতৰণ কেন্দ্ৰ সমূহলৈ গৈ চৰজমিন তদন্ত কৰা পৰিলক্ষিত হৈছিল৷ মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়কঃ ৰাজ্যত পুনৰ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সতীৰ্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.