ETV Bharat / state

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ ওপৰত বক্তৃতা অনুষ্ঠান

author img

By

Published : Oct 22, 2019, 5:17 AM IST

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান ৷ নাহৰকটীয়াৰ "চাচনি মেৰবিল পৰ্যটন ক্ষেত্ৰ"ৰ সঞ্চালক মণিমানিক গগৈয়ে অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে ।

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ ওপৰত বক্তৃতা অনুষ্ঠান

কলিয়াবৰ, 21 অক্টোবৰঃ কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান ৷ মহাবিদ‍্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজিত কৰা হৈছে এই বিশেষ অনুষ্ঠানৰ ৷ ডিব্ৰুগড়ৰ জিলাৰ নাহৰকটীয়াৰ "চাচনি মেৰবিল পৰ্যটন ক্ষেত্ৰ"ৰ সঞ্চালক মণিমানিক গগৈয়ে অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে । তেখেতে সংযুক্ত মুক্তি বাহিনী অসমৰ সদস‍্য ৰূপে সাত বছৰ সংগ্ৰাম কৰাৰ পাছত মূল সুঁতিলৈ ঘুৰি আহি চাচনি মেৰবিল অঞ্চলত এখন পৰিত্যক্ত বিলক কেন্দ্ৰ কৰি কিদৰে এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ সফল পৰ্যটন ক্ষেত্ৰ গঢ় দিছে সেই বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে । লগতে তেখেতে অসমত ইক' টুৰিজিমৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকা বুলি মত পোষণ কৰে আৰু নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলক কেৱল চৰকাৰী চাকৰিমুখী নহৈ ব্যতিক্ৰমী চিন্তাধাৰাৰে আত্ম-সংস্থানৰ বাট মুকলি কৰাৰ সপোন দেখিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহাই বক্তব্য প্ৰদান কৰি মণিমানিক গগৈৰ দৰে ব্যক্তিত্ব সমাজৰ বাৱে আদৰ্শ বুলি কয় । তেখেতে ছাত্ৰ-ছাত্ৰী সকলক অন্য ৰাজ্যত গৈ চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ পৰ্যটনৰ ক্ষেত্ৰত থকা বিপুল সম্ভাৱনীয়তাৰ মাজতে আত্মসংস্থাপনৰ বাট বিচাৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসহ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে ।

Intro:কলিয়াবৰৰ পৰ্য‍্যটনৰ উন্নয়ধত কলিয়াবৰ মহাবিদ‍্যালয়ৰ উল্লেখনীয় পদক্ষেপ

কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে বক্তৃতা অনুষ্ঠান

মুখ‍্য অতিথি নাহৰকটীয়াৰ "চাচনি মেৰবিল পৰ্য‍্যটন ক্ষেত্ৰ"ৰ সঞ্চালক মণিমানিক গগৈ

কলিয়ায়াবৰ মহাবিদ‍্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ লগত ৰজিতা খোৱাই আয়োজন কৰা এলানি শিক্ষামূলক অনুষ্ঠানৰ অংশ বিশেষBody:কলিয়াবৰ মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ মহাবিদ্যালয়ত ইক' টুৰিজিমৰ সম্ভাৱনীয়তাৰ সম্পৰ্কে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশ-বিদেশৰ পৰ্য‍্যটকৰ অন‍্যতম আকৰ্ষণৰ কেন্দ্ৰস্থল ৰূপে ইতিমধ‍্যে অসমৰ ইক'-ট'ৰিজিম ক্ষেত্ৰখনত এক অগ্ৰণী নাম ডিব্ৰুগড়ৰ জিলাৰ নাহৰকটীয়াৰ "চাচনি মেৰবিল পৰ্যটন ক্ষেত্ৰ"ৰ সঞ্চালক মণিমানিক গগৈয়ে অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। তেখেতে সংযুক্ত মুক্তি বাহিনী অসমৰ সদস‍্য ৰূপে সাত বছৰ সংগ্ৰাম কৰাৰ পাছত মূল সুঁতিলৈ ঘুৰি আহি চাচনি মেৰবিল অঞ্চলত এখন পৰিত্যক্ত বিলক কেন্দ্ৰ কৰি কিদৰে এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ সফল পৰ্যটন ক্ষেত্ৰ গঢ় দিয়া হয় সেই বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। উল্লেখযোগ্য যে চাচনি মেৰবিল বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই, মাছ, কাছ, অজগৰ সাপ, বাঘ, হেপা আদি বিভিন্ন প্ৰজাতিৰ জীৱকুলৰ বাসস্থানৰে ভৰপূৰ এক অনন্য পৰ্যটন ক্ষেত্ৰ হিচাবে পৰিগণিত হৈছে। এখন পৰিত্যক্ত বিলক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই প্ৰকল্পখন স্থানীয় ৰাইজৰ সপোন, উদ্যম, অশেষ ত্যাগ-কষ্ট আৰু পুৰ্ণ সহযোগিতাৰ ফলত সম্ভাৱপৰ হোৱা বুলি তেখেতে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। তেখেতে অসমত ইক' টুৰিজিমৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকা বুলি মত পোষণ কৰে আৰু নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলক কেৱল চৰকাৰী চাকৰিমুখী নহৈ ব্যতিক্ৰমী চিন্তাধাৰাৰে আত্ম-সংস্থানৰ বাট মুকলি কৰাৰ সপোন দেখিবলৈ আহ্বান জনায়।
অনুষ্ঠানটিত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহাও বক্তব্য প্ৰদান কৰি মণিমানিক গগৈৰ দৰে ব্যক্তিত্ব সমাজৰ বাৱে আদৰ্শ বুলি কয়। তেখেতে ছাত্ৰ-ছাত্ৰী সকলক অন্য ৰাজ্যত গৈ চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ পৰ্যটনৰ ক্ষেত্ৰত থকা বিপুল সম্ভাৱনীয়তাৰ মাজতে আত্মসংস্থাপনৰ বাট বিচাৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসহ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে।Conclusion:visuals
bite(s) : monomania Gogoi
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.