চামগুৰি, 22 অক্টোবৰ : কাঠৰ দুৰ্গা আৰু অন্যান্য দেৱ-দেৱীৰ প্ৰতিমাৰে শাৰদীয় দুৰ্গোৎৱৰ বাবে সাজু নৱম অসম আৰক্ষী বাহিনী। হিন্দু আৰু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন ডাঙি ধৰি হিন্দু-মুছলিমৰ যৌথ প্ৰচেষ্টাত প্ৰাণ পাই উঠিল কাঠৰ দুৰ্গা প্ৰতিমা। ধৰ্মীয় সংহতিৰ বিৰল নিদৰ্শন দাঙি ধৰি এগৰাকী হিন্দু আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে যৌথভাৱে সাজি উলিয়ালে কাঠৰ মা দূর্গাৰ প্ৰতিমাৰ লগতে লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ সুন্দৰ প্ৰতিমূৰ্তি ।
![durga-pratima-story](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9276504_samoguri2.jpg)
নৱম অসম আৰক্ষী বাহিনীৰ পংকজ মহন্ত আৰু তেওঁৰ সহযোগী মনি আহমেদৰ প্ৰায় ১১ মাহৰ নেৰানেপেৰা প্ৰচেষ্টাত পূৰ্ণতা লাভ কৰা প্ৰতিমূৰ্তিত কেৱল চেচু আৰু মহা নীম গছৰ কাঠ ব্যৱহাৰ কৰা হৈছে । দুই প্ৰজাতিৰ কাঠ আৰু দুই ধৰ্মৰ মানুহৰ সমন্বয়ত দুয়োটা ধৰ্মৰ মাজত গঢ়ি তুলিছে এক মহামিলনৰ সেতু । সৈনিক জীৱনৰ এৰাব নোৱাৰা কৰ্তব্যৰ মাজতো দুই শিল্পীৰ এই মহান প্ৰয়াসত সৃষ্টি হোৱা প্ৰতিমাই সচাঁ অৰ্থত প্ৰাণ পাই উঠিব যদিহে মানুহে প্ৰচলিত ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি মানৱ ধৰ্মৰ জয়গান গায় ৷ এয়া শিল্পীৰ আহ্বান, সময়ৰ আহ্বান ।
![durga-pratima-story](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9276504_samoguri.jpg)
উল্লেখ্য যে এই কাঠৰ দুৰ্গা প্ৰতিমা ব্যৱহাৰ কৰিয়েই প্ৰতিবছৰে উলহ মালহেৰে উদযাপন কৰি অহা পূজাভাগ এইবাৰ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আৰম্ভ কৰা হৈছে ।
লগতে পঢ়ক: জনা-নজনা: এসময়ৰ নিচাসক্ত এই গাঁও আজি সম্পূৰ্ণ নিচামুক্ত