ETV Bharat / state

নগাঁৱত ৰ’লাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী - পুনৰসংস্থাপন

ৰ’লাৰ চলাই নগাঁৱত 36 কোটি টকাৰ ড্ৰাগছ নষ্ট কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিগত দুটা মাহত অসম আৰক্ষীয়ে হেৰ'ইন, ব্ৰাউন চুগাৰকে ধৰি মুঠ ১৬৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ।

নগাঁৱত ৰোলাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী
নগাঁৱত ৰোলাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী
author img

By

Published : Jul 18, 2021, 8:47 PM IST

নগাঁও, 18 জুলাই : দেওবাৰে নগাঁৱত নিজেই ৰ’লাৰ চলাই ড্ৰাগছ বিনষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কেইবা লক্ষাধিক মূল্যৰ নিচাজাতীয় সামগ্ৰীৰ ওপৰেদি ৰ’লাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখযোগ্য যে, বিগত দুটা মাহত অসম আৰক্ষীয়ে হেৰ'ইন, ব্ৰাউন চুগাৰকে ধৰি মুঠ ১৬৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ।

সেই অনুসৰি দেওবাৰে নগাঁৱৰ বঢ়মপুৰত আদালতৰ অনুমতি সাপেক্ষে ড্ৰাগছ দাহন কৰি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । লগতে ড্ৰাগছ আসক্ত লোকৰ বাবে পুনৰ সংস্থাপন(rehabilitation) কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । উল্লেখযোগ্য যে, নগাঁও আৰক্ষীয়ে বিগত দুটা মাহত অভিযান চলাই জব্দ কৰা ৩৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দাহ কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰত আছে হেৰ'ইন, ব্ৰাউন চুগাৰ, টেবলেট, গাঞ্জা আদি ।

অসমৰ পৰা দেশৰ কোনো প্ৰান্তলৈ যাতে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰে, তাৰ প্ৰতি অসম আৰক্ষীক চোকা দৃষ্টি ৰাখিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

নগাঁৱত ৰ’লাৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী

দেওবাৰে নিচাযুক্ত দ্ৰব্য বিনষ্ট কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে ৷ একেদৰে জিলাখনৰ বিধায়ক কেইগৰাকীও এই কাৰ্যসূচীত উপস্থিতি থাকে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়তো নিচামুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ ৰঙিয়াৰ ডিমুত নিশা আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.