বটদ্ৰৱা,11 ফেব্ৰুৱাৰীঃ অসমৰ চম্বল খ্যাত ধিঙৰ ৰাধাআটিত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নামাজ পঢ়ি ঘৰলৈ আহি থকা অৱস্থাত দাৰে ঘপিয়াই হত্যা আমজত আলী নামৰ এজন লোকক ৷ পানীৰ মটৰৰ বাবে লোকজনক নৃশংসভাৱে হানি-খুঁচি হত্যা কৰে দুৰ্বৃত্তৰ এটা দলে ৷ ঘটনাৰ তথ্য অনুসৰি,আমজত আলী আৰু এজন মাতব্বৰৰ মাজত পানী মটৰক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ এই কাজিয়াই পৰৱৰ্তী পৰ্যায়ত ভয়াবহ ৰূপ ধাৰণ কৰে ৷ ইয়াৰ পিছত আমজত আলীয়ে নামাজ পঢ়ি ঘৰলৈ আহি থকা অৱস্থাত ১২ জনীয়া দুৰ্বৃত্তৰ দল এটাই বাট আগুচি ধৰি দা, যাঠি, বাটাম আদি চোকা অস্ত্রৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে ।
ইফালে গুণ্ডাবাহিনীৰ দলটোৰ আক্ৰমণৰ সময়ত ব্যক্তিজনে চিঞৰ-বাখৰ কৰাত পুত্ৰ-কন্যাৰ লগতে পৰিয়ালৰ অন্য লোকসমূহ ঘটনাস্থলীত উপস্থিত হয় ৷ মাতব্বৰৰ গুণ্ডাবাহিনীৰ দলটোৱে আলীৰ পুত্ৰ-কন্যাসহ পৰিয়ালৰ কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰে । হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত ধিং আৰু ডুমডুমীয়া উপ-আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰে ৷ আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ উক্ত ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধিঙত ৷ উল্লেখ্য যে,হত্যাকাণ্ডটোৰ মূল অভিযুক্ত গাওঁখনৰ এজন মাতব্বৰ ৷ মাতব্বৰ গৰাকীৰ নিৰ্দেশমতেই গাঁৱখনত বিভিন্ন অসামাজিক কাৰ্য্য চলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰচলিত আইন ব্যৱস্থাক ভেঙুচালি কৰি গাঁৱখনত চলাই থকা মাতব্বৰীৰাজ বন্ধ কৰিবলৈ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷
লগতে চাওকঃধুবুৰী জিলাৰ গৌৰীপুৰত ভয়াৱহ দুৰ্ঘটনা