বটদ্ৰৱা, 21 জানুৱাৰীঃ ধিঙৰ বেছামাৰীৰ চিকিৎসালয়খনত চৰকাৰৰ চিকিৎসা বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ ৷ চিকিৎসালয় আছে, আছে পৰ্যাপ্ত ঔষধো ৷ কিন্তু কিন্তু চিকিৎসালয়খনত ওলমি আছে প্ৰকাণ্ড তলা ৷ চিকিৎসালয়খনত নিয়োগ হৈ আছে এজন চিকিৎসক, এজন ফাৰ্মাচিষ্ট আৰু দুগৰাকীকৈ নাৰ্ছ । কিন্তু চিকিৎসালয়খনত প্ৰায়ে অনুপস্থিত থাকে চিকিৎসক তথা কৰ্মচাৰী । ফল স্বৰপে বহু সময়-সময় ধৰি চিকিৎসালয়খনত ওলমি থাকে তলা ৷ যাৰ বাবে বাহিৰত ৰৈ থাকিবলগীয়া হয় চিকিৎসাৰ বাবে অহা ৰোগী সকল ৷
উল্লেখ্য যে, চিকিৎসালয়খনত চিকিৎসক তথা নাৰ্ছৰ বাবে চৰকাৰী আৱাস গৃহ থকাৰ পিচতো চিকিৎসালয় চৌহদত নাথাকে চিকিৎসক অথবা চিকিৎসা কৰ্মী, যাৰবাবে চৰকাৰী ধনেৰে নিৰ্মিত হোৱা এই সমূহ আৱাস গৃহ এতিয়া পৰিণত হৈছে ভূত বাংলালৈ ।
কিন্তু নিৰ্বিকাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা । ৰাজ্যজুৰি 'কা' বিৰোধী আন্দোলনৰ বিপৰীতে শান্তি সমদলতহে ব্যস্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । স্থানীয় ৰাইজৰ প্ৰশ্ন ৰোগীৰ লগত হেতালি খেলা এই সমূহ চিকিৎসলায়ৰ চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰখনে ৷