ETV Bharat / state

ধিঙৰ চৰ চাপৰিত মাতব্বৰ ৰাজ !

author img

By

Published : Apr 28, 2020, 12:14 PM IST

ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলৰ ১৬ টাকৈ অংগনবাদী কেন্দ্ৰত ব্যাপক অনিয়মৰ অভিযোগ । আবন্টিত ধনৰ অংশ দিব লাগে মাতাব্বৰক বঞ্চিত দৰিদ্ৰ কণ কণ শিশু ৷

dhing chor chapori social welfare corruption assam etv news
ধিংৰ চৰ চাপৰিত মাতাব্বৰৰাজ !

বটদ্ৰৱা, 28 এপ্ৰিলঃ লক ডাউনত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে চৰ চাপৰিৰ কৃষক সকল, কিয়নো উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰাৰ ফলত পথাৰতে গেলিছে শাক পাচলি । যাৰ বাবেই এই সকল চৰ চাপৰিৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চল সমূহত লক ডাউনৰ সময় চোৱাতো নাপালে কোনো ধৰণৰ চৰকাৰী সাহাৰ্য।

dhing chor chapori social welfare corruption assam etv news
ধিঙৰ চৰ চাপৰিত মাতব্বৰ ৰাজ !

আনকি লক ডাউনৰ সময়ত শিশু সকলৰ বাবে সমাজ কল্যাণ বিভাগে আগবঢ়োৱা ধনো উদৰস্থ কৰিলে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে চৰাঞ্চলৰ একাংশ মাতব্বৰে । লক ডাউনৰ সময়তো অংগনবাদী কৰ্মীসকলে মেকুৰীক আহাৰ দিয়াৰ দৰে এমুঠি চাউল আৰু এমুঠি দালি দিয়ে আবন্টিত সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু অভিভাৱকৰ । অকল অংগনবাদী কেন্দ্ৰতেই নহয় চৰাঞ্চলত থকা কুৰিখনতকৈ অধিক নতুন প্ৰাথমিক বিদ্যালয় সমূহতো অনুৰূপ ঘটনা সংঘটিত হৈছে ।

ধিঙৰ চৰ চাপৰিত মাতব্বৰ ৰাজ !

উল্লেখ্য যে ধিঙৰ পাশ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চাপৰিত থকা এই সমূহ অংগনবাদী কেন্দ্ৰসমূহ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত । সমষ্টিটোৰ অন্তৰ্গত গুপ্তেশ্বৰ গাঁও পঞ্চায়তৰ তিনিটেকীয়া চাপৰি,তিনিটেকীয়া চুবুৰী,গাই টাপু চাপৰি আৰু মোছলেম চাপৰি আদিত চলে মাতব্বৰীৰাজ । এই মাতব্বৰৰ নিৰ্দেশ অমান্য কৰিলে আহে ভাবুকি এতিয়া মাতব্বৰ আৰু কৰ্মী সহায়িকাই মিলি উদৰস্থ কৰি অহাৰ অভিযোগ আবন্টিত ধন সমূহ ৷ ইপিনে ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চল হোৱাৰ বাবেই কোনো এজন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বিগত দহ বছৰে উল্লেখিত ১৬ টাকৈ অংগনবাদী কেন্দ্ৰ পৰিদৰ্শন কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

লগতে পঢকঃ কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.