ৰূপহীহাট,15 এপ্ৰিলঃ নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত মঙলবাৰে নিশা কেইবা ঠাইত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ কোনো দুষ্ট চক্ৰই কেৰাচিন তেল ঢালি অগ্নিকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ঘটনা অনুসৰি ৰূপহীহাটৰ জুৰীয়াত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সমান্তৰালকৈ একে সময়তে জুৰীয়াৰ ফাৰ্ণিচাৰ মাৰ্কেটতো সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ৰূপহীহাটৰ জুৰীয়াত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বহু লাখ টকাৰ সা-সম্পত্তি জ্বলি শেষ হৈ যায় ৷ অৱশেষত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত নিৰ্বাপন হয় জুই ৷ ভস্মীভূত হোৱা ফাৰ্ণিচাৰৰ দোকানত কেৰাচিন তেলৰ গোন্ধৰ লগতে ড্ৰাম উদ্ধাৰ হোৱাৰ ঘটনাই এয়া কোনো দুষ্ট চক্ৰৰ কাম বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ উপৰিও জুৰীয়াৰ সুতিৰ পাৰৰ এখন ব্ৰয়লাৰ দোকানটো সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷
উল্লেখ্য যে কেইদিন মানৰ পূৰ্বেও জুৰীয়া বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হৈছিল বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ আনহাতে লকডাউনৰ সময়ত সঘনাই অঞ্চলটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে বিহুৰ উৰুকাৰ নিশা এজন ব্যক্তিৰ গোহালিৰ পৰাই চোৰে গৰু চুৰ কৰি নিয়া ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ৷ লক ডাউনক লৈ আৰক্ষীয়ে দিনে নিশাই টহল দি থকাৰ মাজতো কিদৰে এনেকৈ দুষ্কৃতিকাৰীয়ে গোহালিৰ পৰা গৰু চোৰ কৰাৰ লগতে দোকান ঘৰত জুই লগাই দিব পাৰে তাক লৈ চিন্তাত পৰিছে সাধাৰণ জনতা ৷ উল্লেখ্য যে ড্ৰাগছ আসক্ত লোকৰ দ্বাৰা এই কাৰ্য সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়কঃ জনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট