ETV Bharat / state

Death mystery of Junmoni Rabha: সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেট হ'ল নেকি এছ আই জোনমণি ৰাভা ? - Death mystery of Junmoni Rabha

গভীৰ ৰহস্যৰ মাজত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা ৷ সময় বাগৰাৰ লগে লগেই ৷ নিতৌ পোহৰলৈ আহিছে ন ন তথ্য ৷ এফালে জোনমণিৰ মাতৃ আৰু লখিমপুৰৰ হাচিনাৰ অভিযোগ ৷ আনফালে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকৰ বিস্ফোৰক ভাষ্য (Death mystery of Junmoni Rabha) ৷

SI Junmoni Rabha death news
গভীৰ ৰহস্যৰ মাজত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা
author img

By

Published : May 18, 2023, 9:56 PM IST

গভীৰ ৰহস্যৰ মাজত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা

নগাঁও 18 মে’: সময় বাগৰাৰ লগে লগেই যেন ক্ৰমাৎ অধিক গভীৰতাৰ মাজলৈ সোমাই পৰিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য । সোমবাৰে মাজনিশা নগাঁৱৰ জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই । এখন কণ্টেইনাৰ আৰু এছ আই জোনমণি ৰাভাৰ এছ প্ৰেছ' বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পিচতেই বাহনখনৰ পৰা উদ্ধাৰ হৈছিল এছ আই জোনমণি ৰাভাৰ মৃতদেহ (SI Junmoni Rabha death news)।

এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ বিভিন্ন মহলত হৈছিল নানা প্ৰশ্নৰ । জোনমণিৰ মৃত্যুক যেন কোনো কাৰণতে সহজভাৱে ল'বই পৰা নাছিল মাতৃয়ে । মঙলবাৰে আৰক্ষী বিষয়গৰাকীৰ মৃতদেহ নগাঁও আৰক্ষী ছাউনিৰ খেলপথাৰত শেষ শ্ৰদ্ধা জনাবলৈ অনাৰ পিচৰ পৰাই জোনমণিৰ মাতৃয়ে দাবী কৰি আহিছে এই মৃত্যু দুৰ্ঘটনা নহয় বুলি । জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ উত্থাপন মাতৃৰ (Junmoni Rabha accident news)।

ইয়াৰ মাজতেই পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । প্ৰথমেই পোহৰলৈ আহিছে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ এই এজাহাৰখন । কেইদিনমান পূৰ্বে নগাঁৱত এটা জালনোট সৰবৰাহকাৰী চক্ৰ জালত পেলাবলৈ সক্ষম হোৱা এছ আই জোনমণি ৰাভাই চক্ৰটোৰ লিংক বিচাৰি অভিযান চলাইছিল লখিমপুৰত । তাৰ পিচতেই জোনমণি ৰাভাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগত ৰুজু হৈছিল গোচৰ । এনে অৱস্থাতেই সোমবাৰে নিশা হঠাৎ জখলাবন্ধাত পথ দুৰ্ঘটনাত মৃত্যু হয় এছ আই জোনমণি ৰাভাৰ (Junmani Rabha death controversy)।

জোনমণিৰ মৃত্যুৰ পিচতেই নিজকে ইনফৰ্মাৰ বুলি দাবী কৰা লখিমপুৰৰ হাচিনা বেগম নামৰ এইগৰাকী মহিলাইয়ো কৰিছে কেতবোৰ বিস্ফোৰক মন্তব্য । জাল নোট সৰবৰাহকাৰী, নকল সোণৰ ব্যৱসায়ীৰ পৰা জোনমণি ৰাভাই ভাবুকি পোৱা বুলি উল্লেখ হাচিনা বেগম নামৰ মহিলাগৰাকীৰ (Junmoni Rabha news updates) ।

হাচিনা বেগম আৰু জোনমণিৰ মাতৃয়ে কৰা সাদৃশ্যপূৰ্ণ মন্তব্যই তোলপাৰ লগোৱাৰ সময়তেই নিজকে সেই দুর্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী বোকাখাতৰ এজন যুৱকৰ ৷ তেওঁ দাবী কৰা মতে জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনতহে খুন্দা মাৰিছিল কণ্টেইনাৰখনে । লগে লগে বাহনখনৰ পৰা ওলাই আহিছিল ক'লা পেন্ট পৰিহিত এজন যুৱক আৰু পলায়ন কৰিছিল কণ্টেইনাৰখনৰ চালকজনেও (Death mystery of Junmoni Rabha) ।

জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত ইমানবোৰ তথ্য আৰু বিষয় পোহৰলৈ অহাৰ পিচত এতিয়া বিভিন্নজনেৰ মনত উদ্বেগ নানা প্ৰশ্নৰ । সঁচাকৈয়ে নকল সোণ, জালনোট সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেট হ'ল নেকি এছ আই জোনমণি ৰাভা ? দুৰ্ঘটনাৰ সময়ত সঁচাকৈয়ে আছিল নেকি ক'লা পেন্ট পৰিহিত ঘাতকৰূপী কোনো লোক ?

লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ আৰু যুৱকজনৰ ভাষ্য যদি সঁচা প্ৰমাণিত হয় তেন্তে অসম আৰক্ষীৰ বাবেই এয়া হ'ব এক কলংকিত ইতিহাস ৷

লগতে পঢ়ক: SI Junmoni Rabha death case : CID ৰ তদন্তৰ প্ৰতিবেদন অনুসৰি লোৱা হ’ব ব্যৱস্থা: জি পি সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.