ETV Bharat / state

শীতল পানীয়ৰ নামত আপুনি কি খাইছে ?

এজন ব্যৱসায়ীয়ে বিক্ৰী কৰিবলৈ অনা ট্ৰপিকানা নামৰ শীতল পানীয়ৰ বটলত ওলাইছে বীজলুৱা পদাৰ্থ ৷

শীতল পানীয়ৰ নামত আপুনি কি খাইছে ?
author img

By

Published : Sep 9, 2019, 12:30 PM IST

Updated : Sep 13, 2019, 4:48 PM IST

বটদ্ৰৱা, 9 ছেপ্টেম্বৰঃ বটদ্ৰৱাত একাংশ ব্যৱসায়ীয়ে মুনাফা লাভৰ বাবে শীতল পানীয়ত ভেজালকৰণৰ অভিযোগ উত্থাপন হৈছে ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াত পোহৰলৈ আহিছে এক ঘটনা ৷ এজন ব্যৱসায়ীয়ে বিক্ৰী কৰিবলৈ অনা ট্ৰপিকানা নামৰ শীতল পানীয়ৰ বটলত ওলাইছে বীজলুৱা পদাৰ্থ ৷

শীতল পানীয়ৰ নামত আপুনি কি খাইছে ?

ম্যাদ থকা স্বত্তেও ট্ৰপিকানা নামৰ শীতল পানীয়ৰ বটলটোত বীজলুৱা পদাৰ্থ দেখি আতংকিত হৈছে একাংশ গ্ৰাহক ৷ কিয়নো এনে শীতল পানীয় সেৱন কৰাৰ পিচত আপোনাৰ শৰীৰত মাৰাত্মক ৰোগে দেখা দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে ৷ সেয়ে শীতল পানীয় সেৱন কৰাৰ আগতে ভালকৈ পৰীক্ষা কৰিহে সেৱন কৰিব অন্যথা দেহা শীতল কৰিবলৈ গৈ নিজৰ শৰীৰৰলৈ বিপদ মাতি নানিব ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত খাদ্য সুৰক্ষা বিভাগৰ হস্তক্ষেপ দাবী কৰিছে এই ক্ষেত্ৰত ৷

Intro:বজাৰত শীতল পনীয়ৰ নামত বৰবিহ । মানৱ জীৱনলৈ ভয়ঙ্কৰ বিপদ ।Body:গৰমৰ দিনত শীতল পানী স্বাস্থ্যৰ কাৰণে উপযোগী । জনসাধাৰণৰ এই উপদেশ বাণী সকলোৰে বাবে জ্ঞাত । কিন্তু বজাৰত উপলব্ধ এই শীতল পনীয় সচাঁই উপযোগী হৈ আছে নে ? আমি আপোনাক দেখুৱাম শীতল পনীয়ৰ নামত কেনেদৰে নিতৌ আপুনি সেৱন কৰিছে বৰবিহ । যি দৃশ্য দেখি আপোনাৰ গাৰ নোম শিয়ৰি উউঠিব ।শীতল পনীয়ৰ খুৱাৰ আগতে আপুনি এশবাৰ ভাবক । কাৰণ আপুনি শীতল পনীয়ৰ নামত খাইছে বৰবিহ । একাংশ বহিৰাগত ব্যৱসায়ীয়ে অধিক মুনাফা লুটাৰ বাবে শীতল পনীয়ৰ নামত ভেজাল ঔষধ মিহলাই মানুহক খোৱাইছে বৰবিহ । যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পায় আহিছে শ্বাস-প্রশ্বাস জনিত বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ । অতি কম দিনৰ ভিতৰতে বিকল হৈ যাব পাৰে কিটনি ,লিভাৰ আদি । এইয়া নগাও জিলাৰ বটদ্ৰৱা ৰাইডঙীয়াৰ দৃশ্য । বহিৰাগত কোম্পানীৰ ট্ৰপিকানা নামৰ এবিধ ফলৰ ৰস জাতীয় পানীয়ৰ লগতে আন পানীয়ৰ বটল ব্যৱসায়ীয়ে কিনি আনি মুকলি ভাৱে বিক্ৰী কৰিছে৷ সেই বটলৰ ভিতৰত এতিয়া দেখা গৈছে বিষাক্ত বিজলোৱা পদাৰ্থ । এনে ধৰণৰ বিষাক্ত শীতল পনীয়ৰ খুৱাৰ পিছত কি হব পাৰে আপুনাৰ আপুনিয়ে ভাৱক ।এনেদৰেই এতিয়া বহিৰাগত কোম্পানীয়ে সৰ্বসাধাৰন ৰাইজক বিক্ৰী কৰি লুটি আহিছে অধিক মুনাফা । কিন্তু কত গ'ল ৰাজ্যৰ প্ৰশাসন তথা ব্যাগুম যোগান বিভাগ ? কেতিয়াবা যোগান বিভাগে পৰিক্ষা কৰিছেন এই বোৰ শীতল পানীয়ৰ বটল? কিয় এনে দৃশ্য দেখাৰ পিছতো নিমাত নিতাল খাদ্য সুৰক্ষা বিভাগ? এনেধৰণৰ অসাধু বহিৰাগত ব্যৱসায়ী কায্য কলাপক ৰোধ কৰিবলৈ প্ৰশাসনে কিন্তু কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ।সেইহে শীতল পনীয় স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক খোৱাৰ আগতেই আপুনি সাৱধান হওক । গতিকে আপুনি কিনা শীতল পনীয় বটলতো কিমান স্বাস্থ্য সন্মত এবাৰ ভালকৈ বুজি লওক । নহলে কিন্তু বিপদ অনিবাৰ্য সেয়া যে নিশ্চিত । কাৰন আমাৰ চৰকাৰ ব্যাগুম খাদ্য সুৰক্ষা বিভাগ কিম্বা স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত কুম্ভকৰ্ন নিদ্রাত । ________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
Last Updated : Sep 13, 2019, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.