ETV Bharat / state

জৰাজীৰ্ণ দলঙে যমৰ যাতনা ভোগাইছে কংপৰীয়া ৰাইজক

বঢ়মপুৰ সমষ্টি আৰু ৰূপহীহাট সমষ্টি সংযোগী এখন বিধ্বস্ত কাঠৰ দলঙে হাৰাশাস্তি ভোগাইছে ৰাইজক । বিগত তিনি বছৰে দলংখন পুনৰ নিৰ্মাণ কৰিবলৈ আহৰি নহ'ল বিভাগীয় কৰ্তৃপক্ষৰ । ৰাইজৰ সমস্যাক আওকাণ জন প্ৰতিনিধিৰ । দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো আজি পৰ্যন্ত সুফল নাপালে স্থানীয় ৰাইজে ।

Damage bridge
জৰাজীৰ্ণ দলঙে যমৰ যাতনা ভোগাইছে কঢ়ালিগাঁওবাসীক
author img

By

Published : Jun 7, 2021, 10:17 PM IST

চামগুৰি, ৭ জুন : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ আউনীআটী আৰু ৰূপহীহাট সমষ্টিৰ কঢ়ালিগাঁও সংযোগী ভগা এখন কাঠৰ দলঙৰ বাবে তিনি বছৰে যাতায়াতৰ নামত যমৰ যাতনা ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে । ৩৫ বছৰ পূৰ্বে বাঁহৰ সাঁকো আঁতৰাই শাল কাঠেৰে নিৰ্মাণ কৰা হৈছিল এই দলংখন ।

কিন্তু এই দলংখনৰ অৱস্থা এতিয়া জৰাজীৰ্ণ । বিগত বৰ্ষবোৰত চৰকাৰ তথা জন প্ৰতিনিধিৰ অৱহেলাত দলংখন আজি পৰ্যন্ত মেৰামতি নহ'ল । ফলত বহু দূৰ বাট অতিক্ৰম কৰি যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে । দলঙৰ এটা মূৰে আছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী আই থান আৰু আনটো মূৰে আছে অসম শংকৰ মিছন ।

জৰাজীৰ্ণ দলঙে যমৰ যাতনা ভোগাইছে কঢ়ালিগাঁওবাসীক

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ অমনোযোগিতাত আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ দায়িত্বহীনতাৰ বাবে যাতায়াতৰ নামত ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা, বৃদ্ধ লোকে হাৰাশাস্তি ভুগিবলগীয়া হৈছে ।

প্ৰায় ১০ খন গাঁৱৰ ৰাইজে এই দলংখনেৰে যাতায়াত কৰিছিল । কিন্তু এতিয়া দলংখন ভাগি যোৱাত বহু দূৰ ঘূৰি গন্তব্যস্থলীলৈ যাবলগীয়া হয় । এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বঢ়হমপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক জিতু গোস্বামীক দলংখন নিৰ্মাণ কৰি দিবলৈ জনাইছে স্থানীয় কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক:গোগামুখত গাঞ্জাসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.