নগাঁও, 24 জুলাই : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত এক ব্যতিক্ৰমী দৃশ্য ৷ হাস্পতালখনত ভৰ্তি হৈ থকা কেইবাজনো ক'ভিড ৰোগী ব্যস্ত শৰীৰ চৰ্চাত। নগাওঁ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গোপাল থাপাৰ দেহতো ধৰা পৰিছিল ক'ভিড-১৯ ৰ উপস্থিতি । আন কেইবাজনো কৰ্মচাৰীৰ সৈতে তিনি চাৰিদিন পূৰ্বে নগাঁও ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গোপাল থাপাক । ক'ভিড হাস্পতালৰ ভিতৰতে গোপাল থাপাৰ সৈতে আন দুজনকৈ ক'ভিড আক্ৰান্ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে কৰিছে শৰীৰ চৰ্চা।
লগতে পঢ়কঃ বিশেষভাবে সক্ষম শিশুক আৰক্ষীৰ প্ৰহাৰৰ বাবে দুখ প্ৰকাশ ডিজিপিৰ