ETV Bharat / state

অৱশেষত মৃত্যুৰে হাৰ মানিলে কৰ'ণাত আক্ৰান্ত সুনীতি শইকীয়াই - ক'ভিড হাস্পতাল

প্ৰায় এসপ্তাহ ধৰি ক'ভিড-১৯ মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানিলে নগাঁৱৰ সুনীতি শইকীয়াই । উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবেই সুনীতি শইকীয়াই প্ৰাণ হেৰুৱাব লগীয়া হ'ল বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে । গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড হাস্পতালত তেওঁৰ মৃত্যু হয় ।

নগাঁৱৰ কৰ'ণা আক্ৰান্ত ৰোগী সুনীতি শইকীয়াৰ মৃত্যু

author img

By

Published : Apr 23, 2021, 10:24 AM IST

নগাঁও, ২৩ এপ্ৰিল: ৰাজ্যত পুনৰ কৰ'ণা মহামাৰীয়ে প্ৰাণ কাঢ়িলে এগৰাকী ৰোগীৰ । কেইবাদিনো ধৰি মহামাৰীত আক্ৰান্ত হৈ থকা নগাঁৱৰ সুনীতি শইকীয়াৰ বৃহস্পতিবাৰে মৃত্যু হয় । পৰিয়ালৰ অভিযোগ মতে, চিকিৎসাৰ অভাৱৰ বাবে প্ৰাণ হেৰুৱালে মহিলাগৰাকীয়ে ।

জানিব পৰা মতে, যোৱা ১৭ এপ্ৰিলত নগাঁৱৰ মিলনপুৰৰ সুনীতি শইকীয়া, তেওঁৰ স্বামী হিতেশ্বৰ বৰা আৰু তেওঁলোকৰ দুই কন্যাৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ উপস্থিতি । মধুমেহ ৰোগতো আক্ৰান্ত সুনীতি শইকীয়াৰ মঙলবাৰে স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু কোনো ধৰণৰ চিকিৎসা লাভ নকৰাৰ বাবে ঘৰলৈ উভতি যাব লগীয়া হৈছিল পৰিয়ালটো । তিনি দিন নিজ ঘৰতে থকাৰ পাচত ক্ৰমান্বয়ে সংকটজনক হৈ পৰিছিল সুনীতি শইকীয়াৰ অৱস্থা ।

সুনীতি শইকীয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে স্বাস্থ্য বিভাগক পৰিয়ালে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাচত বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ কালাপাহাৰস্থিত ক'ভিড হাস্পতাললৈ লৈ যোৱা হয় যদিও নিশা মৃত্যু হয় মহিলাগৰাকীৰ । চিকিৎসাৰ অভাৱতে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ আত্মীয়ই ।

বৰ্তমান ৰাজ্যত মহামাৰীৰ সংক্ৰমণে এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতি দিনে আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও ক'ভিড ৰোগীক পূৰ্বৰ দৰে চিকিৎসা প্ৰদান কৰিব পৰাকৈ সাজু হোৱা নাই স্বাস্থ্য বিভাগ । সেয়ে, বহু লোকে উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.