কলিয়াবৰ, 23 জুন : কলিয়াবৰত পুনৰ ধৰা পৰিছে COVID-19ত আক্ৰান্ত ৰোগী ৷ কলিয়াবৰৰ শিলঘাটৰ বাবুল দাসৰ গৃহত যোৱা এবছৰ ধৰি বাস কৰা বিপুল দে'(32) নামৰ এজন লোকৰ দেহত ধৰি পৰিছে COVID-19 ৰ অৱস্থিতি ।
ঘটনাৰ বিৱৰণী অনুসৰি, শহুৰেক বাবুল দাসৰ তৃতীয় জোঁৱাই তপন মণ্ডল কলকতাৰ পৰা আহি কোনো চৰকাৰী নিৰ্দেশনা পালন নকৰাকৈয়ে যোৱা 16 জুনত তেওঁৰ গৃহত উপস্থিত হয় । চুবুৰীয়াই প্ৰশাসনক অৱগত কৰাৰ পিছত দাসৰ পৰিয়ালৰ স্বাৱ সংগ্ৰহ কৰাৰ লগতে পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰিবলৈ নিৰ্দেশ দিয়ে । সোমবাৰে নিশা ঘোষণা কৰা স্বাৱ পৰীক্ষাৰ ফলাফলত পৰিয়লটোৰ বৰ জোঁৱাই বিপুল দে'ৰ দেহত ধৰা পৰে COVID-19 ৰ অৱস্থিতি ।
প্ৰশাসনে নিশাই শিলঘাটৰ পৰা বিপুল দে'ক নগাঁৱৰ COVID হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে,পৰিয়ালটোৱে হোম কোৱাৰেণ্টাইন পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে চুবুৰীয়াই ৷ স্থানীয় আশাকৰ্মী গৰাকীকো পৰিয়ালৰ সদস্যই অভব্য আচৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । পৰিয়ালটোৰ কাণ্ডজ্ঞানহীনতাৰ ফলত বৰ্তমান শংকাত দিন কটাইছে শিলঘাটবাসীয়ে ।
লগতে পঢ়ক : কোভিডৰ সময়ত ভাৰতত ড্ৰোণৰ ব্যৱহাৰ