ETV Bharat / state

নগাঁৱত কৰ'ণা ঔষধ ! ঘটনা সন্দৰ্ভত স্থিতি স্পষ্ট স্বাস্থ্য বিভাগৰ - covid-19

নগাঁৱত কৰ'ণাৰ ঔষধ ! কিন্তু এয়া অন্ধবিশ্বাস বুলি স্থিতি স্পষ্ট কৰিলে নগাঁও জিলাৰ স্বাস্থ্য বিভাগে । ঔষধ আৱিষ্কাৰ কৰা বুলি দাবী কৰা মহিলাগৰাকীক শান্তনা দিয়াৰ উদ্দেশ্যে চিকিৎসকৰ এটি দল মহিলাগৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰা বুলি শনিবাৰে মন্তব্য় কৰে নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অতুল চন্দ্ৰ পাটৰে ।

নগাঁও
নগাঁৱত কৰ'ণা ঔষধ ! ঘটনা সন্দৰ্ভত স্থিতি স্পষ্ট স্বাস্থ্য বিভাগৰ
author img

By

Published : May 30, 2020, 8:37 PM IST

নগাঁও, ৩০ মে': নগাঁৱৰ ঘাঁহি অঞ্চলৰ দীপালি বণিয়া নামৰ এগৰাকী মহিলাই সপোনত দেখি কৰ'ণা ঔষধ আৱিষ্কাৰ কৰা বুলি দাবী কৰাৰ পিছতেই শুকুৰবাৰে নগাঁও স্বাস্থ্য বিভাগৰ নিৰ্দেশত আয়ুৰ্বেদিক চিকিৎসকৰ এটা দল উপস্থিত হোৱাৰ বাতৰি ইটিভি ভাৰতত প্ৰকাশ পোৱাৰ পিছত চৰ্চিত হৈছিল বিষয়টো ।

নগাঁৱত কৰ'ণা ঔষধ ! ঘটনা সন্দৰ্ভত স্থিতি স্পষ্ট স্বাস্থ্য বিভাগৰ

এই সন্দৰ্ভত শনিবাৰে স্থিতি স্পষ্ট কৰিলে নগাওঁ জিলা স্বাস্থ্য বিভাগে । শুকুৰবাৰে চিকিৎসকৰ দলে ঔষধ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰাৰ পিছতেই ঘটনাক লৈ একাংশই কৰিছিল সমালোচনা । যাৰ বাবে শনিবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অতুল চন্দ্ৰ পাটৰে এয়া এক অন্ধবিশ্বাস বুলি মন্তব্য কৰাৰ উপৰিও মহিলাগৰাকীক মানসিক শান্তনা দিয়াৰ উদ্দেশ্যে এটি চিকিৎসকৰ দল প্ৰেৰণ কৰা বুলি মন্তব্য কৰে । স্বাস্থ্য বিভাগে ঔষধৰ পৰীক্ষাৰ ব্যৱস্থা নকৰাৰ বাবে সপোন দেখা মহিলাগৰাকী কিছু অসুস্থ হৈ পৰা বুলি জনোৱাৰ বাবেই স্বাস্থ্য বিভাগে চিকিৎসকৰ এটি দল মহিলা গৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে অতুল চন্দ্ৰ পাটৰে ।

লগতে পঢ়কঃ অৱশেষত অসমত আৱিষ্কাৰ হ'ল কৰ'ণা ভাইৰাছৰ ভেকচিন!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.