নগাঁও,11জুন : বৰ্তমান এখন হৃদয়হীন চৰকাৰৰ শাসন চলিছে । ক'ভিড মহামাৰীয়ে জুৰুলা কৰাৰ সময়ত ভূতৰ ওপৰত দানৱ পৰা দি কোঙা কৰিছে মূল্যবৃদ্ধিয়ে (PRICE HIKE) । বৰ্তমান চৰকাৰে বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপনৰ জৰিয়তে নিজৰ ব্যৰ্থতা ঢকাৰ চেষ্টা কৰিছে । মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰি শাসকীয় বিজেপি চৰকাৰক (BJP GOVERMENT) এনেদৰে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী উপ দলপতি ৰকিবুল হুছেইনে । পেট্ৰ’ল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী কংগ্ৰেছ (congress)।
শুকুৰবাৰে নগাঁৱতো নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী উত্থাপন কৰে কংগ্ৰেছে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ লগতে এমহীয়া ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনকো তীব্ৰ সমালোচনা কৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
লগতে পঢ়কঃ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটতে বন্ধ হ’ব "সুহৃদ"