ETV Bharat / state

Congress Members Joins AGP : ৰকিবুল হুছেইনৰ সমষ্টিত পাচঁ শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান - কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

কংগ্ৰেছৰ দুৰ্গ চামগুৰি সমষ্টিত কংগ্ৰেছৰ মোক্ষম আঘাত ৷ পাচঁ শতাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকে যোগদান কৰিলে অসম গণ পৰিষদত(Congress members To AGP Joining)৷

Congress Members Joins AGP
ৰকিবুল হুছেইনৰ সমষ্টিত পাচঁ শতাধিক কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান
author img

By

Published : Oct 15, 2022, 9:09 AM IST

চামগুৰি, 15 ছেপ্টেম্বৰ : ৰাজ্যত কংগ্ৰেছ দলক যেন দুৰ্ভাগ্যই লগ এৰা দিয়া নাই । ৰাজ্যখনত অনুষ্ঠিত বিগত কেইবাটাও নিৰ্বাচনত ৰাষ্ট্ৰীয় দলটো শোচনীয়ভাৱে পৰাজিত হোৱাৰ পাছত তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষনেতা পৰ্যন্ত দলটোৰ পৰা পদত্যাগ কৰা পৰিলক্ষিত হৈছিল । এইবাৰ ৰাষ্ট্ৰীয় দলটোত পুনৰ আন এক মোক্ষম আঘাত ।

চামগুৰি সমষ্টিত পাচঁ শতাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকে যোগদান কৰিলে অসম গণ পৰিষদত(Asom Gana Parishad)৷ অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ(Foundation Day of Asom Gana Parishad) আয়োজন কৰা হৈছিল ৰকিবুল হুছেইনৰ চামগুৰিত ৷ চামগুৰিৰ লৰিৰমুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই প্ৰতিষ্ঠা দিৱসৰ ৷ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অসম গণ পৰিষদে আয়োজন কৰিছিল যোগদান শিৱিৰৰ ৷

ৰকিবুল হুছেইন আৰু কংগ্ৰেছ দলৰ বহু সতীৰ্থই শুকুৰবাৰৰ দিনটোত শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল অসম গণ পৰিষদত যোগদান কৰে ৷ উল্লেখ্য যে, ক্ৰমাৎ দিন চমু চাপি আহিছে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ ৷ তেনে পৰিপ্ৰেক্ষিতত বিৰোধী দলটোৰ অন্যতম এগৰাকী জেষ্ঠ নেতা ৰকিবুল হুছেইনৰ চামগুৰি সমষ্টিৰ পৰা প্ৰায় 5 শতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে দল ত্যাগ কৰি শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল অসম গণ পৰিষদত যোগদান কৰা কথাই বিশেষ চৰ্চা লভা পৰিলক্ষিত হৈছে ৷

Joining programme: পাচঁ শতাধিক কংগ্ৰেছ কৰ্মী অগপলৈ

প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সভাখনত অগপৰ জিলা সভাপতি মণিমাধৱ মহন্তই ভাষণ প্ৰদান কৰিবলৈ গৈ কংগ্ৰেছ দলটোক সমালোচনা কৰে ৷ সমষ্টিৰ সমস্যাৰ প্ৰতি পিঠি দি সদনত গান্ধী পৰিয়ালৰ গুণানুকীৰ্তনত ব্যস্ত গৃহ সমষ্টি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ বুলি দলটোক কটাক্ষ কৰে অগপৰ জিলা সভাপতিগৰাকীয়ে ৷

অনাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত 5 শতাধিক কংগ্ৰেছী নেতা-কৰ্মীৰ অনুপস্থিতিয়ে কংগ্ৰেছ দলটোত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলোৱাটো একপ্ৰকাৰ খাটাং বুলি চৰ্চা চলিছে বিৰোধী দলটোৰ মাজত (Loksabha election 2022)। আনহাতে, নতুনকৈ যোগদান কৰা এই প্ৰতিনিধিসকলে অগপৰ ভেটি মজবুত কৰিব বুলি আশাবাদী অগপ দলটোৰ কৰ্মা-কৰ্তাসকল ৷

লগতে পঢ়ক: Lavita Controversy: আৱাহন থিয়েটাৰৰ দৰ্শনীত মঞ্চস্থ নহয় লভিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.