কামপুৰ,20 মাৰ্চ: প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত নগাঁও জিলাৰ কামপুৰত উত্তপ্ত পৰিস্থিতি ৷ ঠিকাদাৰ কৌশিক গোস্বামীয়ে গাঁওখনৰ একাংশ লোকক মেনেজ কৰি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত ঠিকাদাৰ আৰু ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷
উল্লেখ্য যে কামপুৰ কলাইখোৱাৰ পৰা বৰক'লা সংযোগী পকী পথটো নিৰ্মিত হৈ থকাৰ সময়তে এফালৰ পৰা এৰাই গৈছে ৷ ৰাইজৰ অভিযোগ অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে পথছোৱা ৷ ইয়াকে কেন্দ্ৰ কৰি শুকুৰবাৰে দুপৰীয়া ঠিকাদাৰ আৰু ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ ইয়াৰ উপৰিও ৰাজহুৱা স্থানত অশালীন মন্তব্য কৰাৰো অভিযোগ উঠিছে ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ৷
লগতে পঢ়কঃ শিৱসাগৰত অখিলক সাক্ষাৎ মাতৃ প্ৰিয়দা গগৈৰ