ETV Bharat / state

উৎকোচ নিদিলে প্ৰদান কৰা নহয় ভূমি ক্ৰয়-বিক্ৰয়ৰ অনুমতি! - nagaon

মাটিৰ দালাল(Broker)ৰ বিৰুদ্ধে সৰৱ ৰাজ্য চৰকাৰ ৷ নগাঁও জিলা উপায়ুক্ত(Nagaon Deputy Commissioner)ৰ কাৰ্যালয়তো অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন ৷ উৎকোচ নিদিলে মাটি-বাৰী সম্পৰ্কীয় নথি-পত্ৰ ঘূৰাই পঠোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

delay of land saling and buying documents in nagaon
নগাঁৱত মাটি কিনা বেচাক লৈ অনিয়ম
author img

By

Published : Sep 21, 2021, 2:26 PM IST

চামগুৰি, 21 ছেপ্তেম্বৰ : নগাঁও জিলা উপায়ুক্ত(Nagaon Deputy Commissioner)ৰ কাৰ্যালয়ত ভূমি বেচা-কিনাৰ অনুমতি প্ৰদানক কেন্দ্ৰ কৰি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৷ অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ অভিযোগ অনুসৰি, সংশ্লিষ্ট কাৰ্যালয়সমূহৰ বিষয়া-কৰ্মচাৰীয়ে মাটি কিনা-বেচা কৰা আপত্তিবিহীন ফাইলৰ কাম সময়মতে আগবঢ়োৱা নাছিল ৷

ইয়াৰ ফলস্বৰূপে মাহৰ পাচত মাহ ধৰি ফাইলসমূহ এনেই পৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ক’ডিড(Covid) জনিত কাৰণত বিগত 2019 চনৰ পৰা এনেই পৰি থকা মাটি-বাৰী ক্ৰয়-বিক্ৰয়ৰ মুঠ 7 শতাধিক ফাইলৰ ভিতৰত প্ৰায় 5 শতাধিক ফাইলেই বিনা কাৰণত ঘুৰাই পঠোৱা হৈছে ৷

নগাঁৱত মাটি কিনা বেচাক লৈ অনিয়ম

আন এক অভিযোগ অনুসৰি, প্ৰতিটো ফাইলৰ বিপৰীতে দায়িত্বত থকা বিষয়াক 10,000-15,000 হাজাৰ টকা দিব লাগে আৰু এই ধন নোপোৱাৰ বাবেই জাপে জাপে ফাইলসমূহ ঘূৰাই পঠোৱা হয় ।

এগৰাকী ভুক্তভোগীয়ে জনোৱা মতে, তেওঁৰ শহুৰেকৰ অসুখৰ বাবে শহুৰেকে 2019 চনৰ 22 আগষ্টত মাটি বিক্ৰী কৰিবৰ বাবে আবেদন কৰিছিল ৷ কিন্তু তেওঁ আজি পৰ্যন্ত মাটি বিক্ৰী কৰাৰ অনুমতি পত্ৰ লাভ নকৰিলে । এনেদৰেই বহু লোকে উৎকোচ নিদিয়াৰ বাবে মাটি বিক্ৰী কৰাৰ অনুমতি পত্ৰ লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷

গতিকে মাটি-বাৰী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি তথা অনিয়মৰ কাম-কাজৰ তদন্ত কৰি ইয়াৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী আৰু দালালসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে সচেতন মহলে ৷

উল্লেখ্য যে, শেহতীয়াকৈ দালাল(Broker) ৰাজৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ সেইমৰ্মে ৰাজ্যৰ ৰাজহ কাৰ্য‍ালয়সমূহত গতিশীলতা পৰিলক্ষিত হৈছে । এতিয়াৰে পৰা মাটিৰ বেচা-কিনা কাম দালালৰ জৰিয়তে নহয়, চক্ৰ বিষয়াৰ জৰিয়তেহে সম্পন্ন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই নিৰ্দেশ প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত ৰাজহ চক্ৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ এক যোগাত্মক বাতাবৰণ ৰাজহ চক্ৰ কাৰ্যালয়সমূহত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: দালালৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.