নগাঁও,১ জুলাই: ৰঙালী বিহুত গুৱাহাটীৰ সৰুসজাইত অসমৰ জাতীয় উৎসৱ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নগাঁও আৰু হোজাই জিলাৰ মুঠ ৭৭১ গৰাকী নাচনী, ঢুলীয়াক শনিবাৰে মাননি আৰু মানপত্ৰ বিতৰণ কৰা হয় । নগাঁও আৰক্ষী ছাউনিৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত নাচনী, ঢুলীয়াক আনুষ্ঠানিকভাৱে মানপত্ৰ আৰু মাননি প্ৰদান কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই ।
নাচনী, ঢুলীয়াক মাননি আৰু মানপত্ৰ প্ৰদান অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজৰ ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী পীয়ুষ হাজৰীকা । এল পি স্কুলৰ শিক্ষা সামৰাৰ পিছত বহুতেই অসমৰ জাতীয় সংগীত পাহৰি যায় বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বাবেই বহুতে পাহৰি যোৱা জাতীয় সংগীত পুনৰ পৰিবেশন কৰিবলৈ সক্ষম হৈছে ।
লগতে অসমীয়া জাতিৰ আৱেগ জড়িত বিভিন্ন দিশ আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই । অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা নাচনী ঢুলীয়াৰ, প্ৰশিক্ষকৰ লগতে কাৰ্যসূচীত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই ।
ইপিনে, অনুষ্ঠানত অংশগ্ৰহণ কৰি মাননী আৰু মানপত্ৰ গ্ৰহণ কৰি উৎফুল্লিত নাচনীয়ে নাচিলে বিহু । আনহাতে, অনুষ্ঠানত বহু পলমকৈ উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক নিজৰ আসন এৰি দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে বিধায়ক ৰূপক শৰ্মাই । উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ ৰূপক শৰ্মাৰ মুকলি বিৰোধিতা কৰিছিল ৰাজেন গোহাঁইয়ে ।
বিশ্ব ৰেকৰ্ড গঢ়া নাচনী, ঢুলীয়াক মাননি আৰু মানপত্ৰ বিতৰণ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, শিবু মিশ্ৰ, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়া, দেবাহুতি বৰাসহ নগাঁও জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে হোজাই প্ৰশাসনৰ বিষয়া লাচিত দাস উপস্থিত থাকে ।
লগতে পঢ়ক: Road Accident : দুখন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে এজন নিহত