নগাঁও,27 আগষ্ট: অৱশেষত সাৰ পালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিবৰ্গই ৷ প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো বানে ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত জাগি উঠিল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধবৰ্গ ৷ তিনিবাৰকৈ বানে ধোৱা ৰাজ্যত বৃহস্পতিবাৰে উপস্থিত হ’ল কেন্দ্ৰীয় চৰকাৰৰ এক ছজনীয়া প্ৰতিনিধিৰ দল ৷ অসমত উপস্থিত হোৱা দলটোৱে প্ৰথমে বুজ লয় নগাঁও জিলাৰ বান পৰিস্থিতিৰ ৷ নগাঁও আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হৈ বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ তথ্য সংগ্ৰহ কৰে প্ৰতিনিধি দলটোৱে ৷
কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ যুটীয়া সঞ্চালক এচ কে প্ৰধান, শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় শক্তি প্ৰাধিকৰণৰ উপ-সঞ্চালক অ পি সুমন আৰু দলটোৰ প্ৰট’কল বিষয়া হিচাপে দায়িত্বত থকা অসমৰ দুৰ্যোগ আৰু প্ৰশমন প্ৰাধিকৰণৰ ডঃ কৃপালজ্যোতি মজুমদাৰে নগাঁও জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ৷ বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকি অৱগত কৰে শেহতীয়া বান পৰিস্থিতিৰ কথা ৷ নগাঁৱৰ পিছতে প্ৰতিনিধি দলটো ৰাওনা হয় গোলাঘাটলৈ ৷
লগতে চাওকঃ বিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তি