নগাঁও,16মে': দুৰাৰোগ্য ৰোগক নেওচি জিলিকিল নগাঁৱৰ চিম্পী ৷ শৰীৰত কৰ্কটৰ দৰে ৰোগ লৈ পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল ছাত্ৰীগৰাকী । সৰুকালৰ পৰাই দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত চিম্পীয়ে তেজ ল'বলগীয়া হয় দুসপ্তাহৰ অন্তৰে অন্তৰে । ইফালে ঘৰখনৰ একমাত্ৰ উপার্জনকাৰী পিতৃও এক দুৰ্ঘটনাত পতিত হৈ শয্যাগত হৈ আছে । যাৰ বাবে এতিয়া উপায়হীন হৈ পৰিছে চিম্পীৰ মাতৃ । কিন্তু এই সকলো প্ৰত্যাহ্বানৰ মাজতো সপোন দেখিছে এটা সুন্দৰ ভৱিষ্যতৰ ।
নিজৰ শিক্ষাৰ যাত্ৰা আগবঢ়াই নিবলৈ দুৰ্বাৰ হেঁপাহ তাইৰ । তাইৰ এটা সুন্দৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব পাৰে আপুনিও । কেৱল পৰিয়ালবৰ্গই নহয় স্থানীয় লোকেও তাইৰ হৈ সহায়ৰ বাবে অনুৰোধ কৰিছে ৰাইজৰ ওচৰত । আপোনাৰ কিঞ্চিত সহায়ে চিম্পীক নতুন জীৱন দিয়াৰ লগতে তাই দেখা সপোনবোৰ দিঠক কৰি তুলিব । চিম্পীক সহায় কৰিবলৈ অসম গ্ৰামীণ বিকাশ বেংক মৰিকলং শাখাত পিতৃ গিৰীশ বৰাৰ নামত থকা একাউণ্ট নম্বৰটোত আপুনিও প্ৰেৰণ কৰিব পাৰে আৰ্থিক সাহাৰ্য ।