কলিয়াবৰ, 17 জুন: বিশ্ব কাৰাটে দিৱসৰ দিনা কলিয়াবৰত কেৰাটেকাৰ ৰূপত দেখা গ’ল আনন্দ মিশ্ৰ । উৎসাহী কাৰাটে প্ৰশিক্ষাৰ্থীসকলক নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে দিলে আজি বিশ্ব কাৰাটে দিৱসৰ দিনা নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক দেখা পোৱা গ'ল আন এটা ৰূপত ।
কলিয়াবৰৰ এক অনুষ্ঠানে বৃহস্পতিবাৰে আয়োজন কৰে বিশ্ব কাৰাটে দিৱস। এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। মিশ্ৰই আৰক্ষীৰ খাকী পোচাকৰ পৰিৱৰ্তে কাৰাটেকাৰৰ ৰূপত আনন্দ মিশ্ৰই কাৰাটেৰ প্ৰশিক্ষাৰ্থীসকলৰ লগত উদযাপন কৰে বিশ্ব কাৰাটে দিৱস ।

লগতে উদীয়মান প্ৰশিক্ষাৰ্থীসকলক কাৰাটেৰ কিছু প্ৰশিক্ষণৰে উৎসাহ যোগাই আৰক্ষী অধীক্ষক গৰাকীয়ে । কলিয়াবৰৰ আচিহাৰা কাৰাটে স্কুল অৱ অসমৰ প্ৰশিক্ষাৰ্থীসকলে বিশ্ব কাৰাটে দিৱসৰ দিনাই উপস্থিত হোৱা নগাঁও জিলাৰ ড্ৰাগ্ছৰ ব্যৱসায়ীসকলৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা আনন্দ মিশ্ৰক সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে ।

লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জখলাবন্ধা আৰক্ষী নিৱেশ পৰিদৰ্শন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযানৰ লগতে আইন-শৃঙ্খলাজনিত বিভিন্ন বিষয় আলোচনা কৰে বিষয়াসকলৰ লগত।