ETV Bharat / state

গৰু ছিণ্ডিকেট চক্ৰ উৎখাতৰ বাবে তৎপৰ নগাঁও আৰক্ষী - গৰু সৰবৰাহকাৰী

গৰু ছিণ্ডিগেট চক্ৰৰে জড়িত তথাকথিত পৰ্টেলৰ সাংবাদিক, টেবলেট । বিগত দুই চাৰিদিনত অবৈধভাৱে সৰবৰাহ কৰা বৃহৎ গৰু জব্দ কৰাৰ পিছতেই পোহৰলৈ আহিছে গৰু ছিণ্ডিকেটৰ ন ন তথ্য। গৰু ছিণ্ডিকেট চক্ৰ উৎখাতৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। আটক কৰিছে চক্ৰটোৰ সৈতে জড়িত তিনিজনকৈ ব্যক্তি।

গৰু ছিণ্ডিকেট চক্ৰ উৎখাতৰ বাবে তৎপৰ নগাঁও আৰক্ষী

author img

By

Published : Dec 1, 2020, 8:02 PM IST

নগাঁও,1 ডিচেম্বৰঃ গৰু ছিণ্ডিকেট চক্ৰ উৎখাতৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। বিগত তিনিটা দিনত নগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধভাৱে সৰবৰাহ কৰা ৮০ টাকৈ গৰু। ৰূপহী, হয়বৰগাঁৱৰ পৰা আৰক্ষীয়ে গৰুভৰ্তি গাড়ী জব্দ কৰাৰ লগতে কেইবাজনো সৰবৰাহকাৰীক আটক কৰাৰ পিছতেই পোহৰলৈ আহিছে গৰু সৰবৰাহৰ নামত চলি থকা ছিণ্ডিকেটৰ তথ্য। গৰু সৰবৰাহকাৰীৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে সোমবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় গৰু ছিণ্ডিকেটৰে জড়িত তিনিজনকৈ লোকক । সোমবাৰে প্ৰথমেই গৰু ছিণ্ডিকেটৰে জড়িত জাজৰীৰ ৰাতুল আলী আৰু চামগুৰিৰ চফিকুল ইছলাম ওৰফে টেবলেটক আটক কৰাৰ পিছত নিশা আটক কৰে সুৰুজ আলী নামৰ আন এটা গৰু ছিণ্ডিকেটৰ কাণ্ডাৰীক । নিজকে এটা ৱেব পৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দি দীৰ্ঘদিনৰ পৰাই গৰু ছিণ্ডিকেট অব্যাহত ৰখাৰ অভিযোগ সুৰুজ আলীৰ বিৰুদ্ধে।

গৰু ছিণ্ডিকেট চক্ৰ উৎখাতৰ বাবে তৎপৰ নগাঁও আৰক্ষী

কেৱল এয়াই নহয়, আৰক্ষীৰ জালত পৰা এইজন সুৰুজ আলী পূৰ্বেও নগাঁৱৰ এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । কিছুদিন পূৰ্বে নগাঁৱৰ ৰাঙলু পেট্ৰল পাম্পত সংঘটিত ডকাইতি সন্দৰ্ভত এইজন সুৰুজ আলীৰ বিৰুদ্ধে ৰুজু হৈ আছিল এটা গোচৰ । মুঠতে গৰু ছিণ্ডিকেটৰ সৈতে জড়িত কোনো লোকেই ৰেহাই নাপাব বুলিও সকীয়নী নগাঁও আৰক্ষীৰ ।

সম্প্ৰতি নগাঁৱৰ মাজেৰে গৰুভৰ্তি বাহন পাৰ কৰি দিয়াৰ নামত গৰু ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । নগাঁও আৰক্ষীৰ তৎপৰতাই এতিয়া নিদ্ৰা হৰণ কৰিছে বহু লোকৰ ।

লগতে পঢ়কঃ কা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.