ETV Bharat / state

Capped Langur at Kaziranga: টুপীমূৰীয়া বান্দৰে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ - টুপীমূৰীয়া বান্দৰে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ

কাজিৰঙাত দৰ্শনাৰ্থীৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে টুপীমূৰীয়া বান্দৰ । দৰ্শনাৰ্থীয়ে ৰৈ ৰৈ চাইছে বৰ্তমান সময়ৰ অতি দুস্প্ৰাপ্য টুপীমূৰীয়া বান্দৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে এই বান্দৰৰ প্ৰজাতি ।

Capped Langur at Burhapahar Range in Kaziranga
টুপীমূৰীয়া বান্দৰে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ
author img

By

Published : Jul 2, 2023, 7:14 PM IST

টুপীমূৰীয়া বান্দৰে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ

কলিয়াবৰ, ২ জুলাই: কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত নীৰৱে জীৱন-যাপন সহজ-সৰল টুপীমূৰীয়া বান্দৰৰ । দৰ্শনাৰ্থীৰ দৃষ্টিৰ পৰা দূৰত দুষ্প্ৰাপ‍্য এই হ'বলৈ ধৰা প্ৰাণীবিধ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত সচৰাচৰ দেখা পোৱা যায় টুপীমূৰীয়া বান্দৰৰ জাক । উদ‍্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ দক্ষিণ দিশে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত উমলি-জামলি আপোন মনে খাদ‍্য খাই থকাৰ সময়ত কেমেৰাত বন্দী হোৱা টুপীমূৰীয়া বান্দৰৰ এটা জাক ।

টুপীমূৰীয়া বান্দৰ উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি । এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে–বাংলাদেশ, নেপাল, ভূটান, চীন আৰু ম্যানমাৰতো পোৱা যায় । টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল । অতি দুষ্প্ৰাপ‍্য প্ৰজাতিৰ জীৱ নহয় যদিও এই নিৰ্জু-লাজকুৰীয়া প্ৰাণীবিধৰ বাসস্থান দিনক-দিনে টুটি আহিব ধৰিছে । কংক্ৰিটৰ দালান, বৃহৎ পৰিমাণে বনাঞ্চল ধ্বংসযজ্ঞৰ ফলত আন আন দুষ্প্ৰাপ‍্য প্ৰাণীৰ দৰে হেৰাই যাবলৈ ধৰিছে টুপীমূৰীয়া বান্দৰো ।

লগতে পঢ়ক: Manipur violence: মণিপুৰত পুনৰ সংঘৰ্ষ; দুই গাঁও সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক নিহত

সেয়ে, টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচীৰ জীৱ হিচাপে ঘোষণা কৰিছে । অসমৰ নিৰ্বাচিত ৰাষ্ট্ৰীয় উদ‍্যান, অভয়াৰণ‍্য আৰু সংৰক্ষিত বনাঞ্চলসমূহত এই প্ৰজাতিৰ বান্দৰ বিদ‍্যমান। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ‍্যতো টুপীমূৰীয়া বান্দৰৰ সঘন উপস্থিতি দেখা পোৱা যায় । বিশেষকৈ বুঢ়াপাহাৰ বনাঞ্চলত এই প্ৰজাতিৰ বান্দৰৰ সঘন উপস্থিতি পোৱা যায়

মূৰত থকা ক'লা বা মটীয়া ৰঙৰ নোমবোৰ দেখিবলৈ টুপীৰ আকৃতিৰ । সেয়ে ইয়াক ইংৰাজীত কোৱা হয় Capped Langur আৰু অসমীয়াত টুপীমূৰীয়া বান্দৰ । টুপীমূৰীয়া বান্দৰ দিনত চৰে আৰু গছৰ পাত খাই জীয়াই থাকে । ই সাধাৰণতে এটা বা তাতোধিক মতা আৰু বহুতো মাইকী বান্দৰে গঠিত সৰু দলত বাস কৰে । এই প্ৰাণীবিধ মূলতঃ ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ ইত্যাদি কাৰণত সংকটৰ মুখামুখি হৈছে ।

লগতে পঢ়ক: Rhino at Kaliabor : কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.