ৰূপহীহাট, ৫ জুন : বতাহ-বৰষুণৰ প্ৰকোপ বৃদ্ধি হ'লে বিদ্যুতৰ সংযোগ বিচ্ছিন্ন হোৱাৰ দৰে এতিয়া সংযোগ বিচ্ছিন্ন হ'বলৈ ধৰিছে বি এছ এন এল (BSNL) নেটৱৰ্কৰ । নগাঁৱৰ জুৰীয়াত বি এছ এন এল (BSNL) ৰ ছিম ব্যৱহাৰ কৰি অসুবিধাত পৰিছে গ্ৰাহক । প্ৰায়বোৰ সময়তে বি এছ এন এল (BSNL)ৰ নেটৱৰ্কৰ সংযোগ বিচ্ছিন্ন হৈ থাকে ।
জুৰীয়াত বিগত চাৰি দিন ধৰি বি এছ এন এল (BSNL) নেটৱৰ্কৰ সংযোগ বিচ্ছিন্ন হৈ আছে । ফলত, যি সকল লোকে বি এছ এন এল (BSNL) ৰ ছিম ব্যৱহাৰ কৰি আছে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে । অধিকাংশই মোবাইল বেয়া হ'ল বুলি ভাৱি মোবাইল ভাল কৰিবলৈ লৈ যাওতেহে ওলাল উৰহীৰ ওৰ ।
তেতিয়াহে তেওঁলোকে গম পায় যে, বি এছ এন এল (BSNL) ৰ টাৱাৰত বিসংগতি হৈছে যাৰ বাবে সংযোগ বিচ্ছিন্ন আছে ৷ চাৰি দিন ধৰি এনেদৰে টেলিকম কোম্পানীটোৰ সেৱা বন্ধ হৈ থকাত বি এছ এন এল (BSNL) ছিম ব্যৱহাৰ কৰি থকা গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
ইফালে, কৰ'ণা সংকটৰ সময়ত ফোনযোগে আত্মীয়ৰ খা-খবৰ ল'ব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে গ্ৰাহকসকলে । জুৰীয়াৰ গ্ৰাহকসকলৰ অভিযোগ অনুসৰি, এয়াই প্ৰথম নহয়, মাহটোৰ অধিকাংশ সময়েই বিকল হৈ থাকে বি এছ এন এল (BSNL) ৰ সংযোগ ৷ গতিকে, কৰ্মচাৰীক দৰমহা দি নামত কোম্পানীটো চলাই থকাৰ পৰিৱৰ্তে বন্ধ কৰি থ'বলৈ নতুন চৰকাৰক আহ্বান জনাইছে বি এছ এন এল (BSNL) নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে ৷
লগতে পঢ়ক:ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী