ETV Bharat / state

গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুবালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ

হাড় কঁপোৱা জাৰত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাত ভিৰ গ্ৰন্থপ্ৰেমীৰ। ৰাইজে উপভোগ কৰিলে শিশু সকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ।

etv barat
গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুবালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ
author img

By

Published : Dec 24, 2019, 10:36 PM IST

নগাঁও, ২৪ ডিচেম্বৰঃ নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰন্থমেলা । গ্ৰন্থ মেলাৰ লগতে শিশু সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন গীত মাত, কবিতা আবৃতি প্ৰতিযোগীতাৰ ।

গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুবালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ
এফালে হাড় কঁপোৱা জাৰ আনফালে কা' বিৰোধী আন্দোলন । তাৰ মাজতে কলঙৰ বাকৰি নেহেৰুৱালীত চলি থকা গ্ৰন্থমেলাত ভিৰ কৰে গ্রন্থপ্ৰেমীয়ে। মঙলবাৰৰ দিনটো শিশুৰ কলৰৱত মুখৰ হৈ পৰিল নগাওঁ গ্ৰন্থমেলাৰ বাকৰি । নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত বৰ্ষৰ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা নগাওঁ গ্ৰন্থমেলাত কল্লোলৰ প্ৰতিষ্ঠাপক সভাপতি মাধৱনন্দ মহন্তৰ সোঁৱৰণত উদযাপন কৰা হয় শিশু দিন হিচাপে । এই গ্ৰন্থমেলাত গ্ৰন্থৰ সুবাস বিচাৰি ভিৰ কৰে শিশু, পুৰুষ, মহিলাই । গ্ৰন্থ মেলাত অনুষ্ঠিত হোৱা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰে শিশু সকল ।

লগতে পঢ়ক - সৰভোগত উপস্থিত ৰণজিৎ কুমাৰ দাসঃ আছুৰ ক'লা পতাকা প্ৰদৰ্শন

Intro:এজাক শিশুৰ কলৰৱত মুখৰিত নগাওঁ গ্ৰন্থমেলাৰ বাকৰি। শিশুৰ গীত মাত, কবিতাত মুখৰ কলঙৰ বাকৰি নেহেৰুৱালী। হাড় কপোৱা জাৰত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাত ভিৰ গ্ৰন্থপ্ৰেমীৰ।

Body:এফালে হাড় কপোৱা জাৰ আনফালে কা' বিৰোধী আন্দোলন। তাৰ মাজতে কলঙৰ বাকৰি নেহেৰুৱালীত চলি থকা গ্ৰন্থমেলাত ভিৰ গ্রন্থপ্ৰেমীৰ। মঙলবাৰৰ দিনটো শিশুৰ কলৰৱত মুখৰ হৈ থাকিল নগাওঁ গ্ৰন্থমেলাৰ বাকৰি। নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু জিলা প্ৰশাসনৰ উদ্যোগত ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা নগাওঁ গ্ৰন্থমেলাত মঙলবাৰৰ দিনটো কল্লোলৰ প্ৰতিষ্ঠাপক সভাপতি মাধৱনন্দ মহন্তৰ সোঁৱৰণত উদযাপন কৰা হয় শিশুৰ দিন হিচাপে। অসমৰ গ্ৰন্থমেলাৰ বাটকটীয়া নগাওঁ গ্ৰন্থমেলাত গ্ৰন্থৰ সুবাস বিচাৰি এনেদৰে ভিৰ কৰে গ্ৰন্থপ্ৰেমী শিশু, পুৰুষ, মহিলাই। মঙলবাৰে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শতাধিক শিশুৱে।
bite-

Conclusion:পুৱাৰে পৰা গ্ৰন্থমালাৰ বাকৰিত ভিৰ বহু শিশুৰ। শিশুসকলে অংশগ্ৰহণ কৰে চিত্ৰাংকন, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতাত। ক্ৰয় কৰিলে বিভিন্ন সাধু কিতাব। ই টি ভি ভাৰতৰ কেমেৰাৰ সন্মুখতো এটি শিশুৱে শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আবৃত্তি কৰিলে কবিতা।
bite-
একেদৰে গ্ৰন্থমেলাত আয়োজিত শিশুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি উৎফুল্লিত শিশুসকল ।
bite
------------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৪-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.