ETV Bharat / state

নগাঁৱত তিনিওটা সমষ্টি দখলৰ সপোন বিজেপিৰ - কংগ্ৰেছ চৰকাৰ

নগাঁৱত বিজেপিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । ’২১ৰ নিৰ্বাচনত নগাঁৱৰ তিনিওটা সমষ্টিয়েই দখল কৰিব বিজেপিয়ে । এই দাবী জিলা সভাপতি অভিজিৎ নাথৰ ।

election
election
author img

By

Published : Sep 12, 2020, 10:36 PM IST

নগাঁও, 12 ছেপ্টেম্বৰ : ৰাজ্যিক বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত মিছন ১০০+ লক্ষ্য কৰি লোৱাৰ পাচতেই দলীয় ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়তো আৰম্ভ হৈছে দলীয় সভা । শনিবাৰে বিজেপিৰ নগাঁও জিলাৰ নতুন সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হোৱা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত দলীয় ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে ।

নগাঁৱত তিনিওটা সমষ্টি দখলৰ সপোন বিজেপিৰ

আগন্তক ২০২১ ৰ বিধানসভা নিৰ্বাচনত নগাঁও জিলাৰ তিনিওখন আসনেই দখল কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে । কংগ্ৰেছ চৰকাৰৰ শাসনকালত মানুহ চাই চাই কাম কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতাগৰাকীয় বিজেপিৰ সব কা সাথ সব কা বিকাশ আৰু সব কা বিশ্বাস নীতিৰেই জনসাধাৰণৰ কাষ চাপিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে, নগাঁও জিলাত নগাঁও সদৰ, বটদ্ৰৱা, ৰহা, লামডিং সমষ্টি বৰ্তমান বিজেপিৰ দখলত থকাৰ বিপৰীতে বঢ়মপুৰ আৰু কলিয়াবৰ সমষ্টি আছে মিত্ৰদল অগপৰ হাতত ৷ আনহাতে অতিগুৰুত্বপূৰ্ণ চামগুৰি সমষ্টিৰ লগতে ৰূপহী সমষ্টি আছে কংগ্ৰেছৰ হাতত ৷ ইয়াৰ লগতে ধিং আৰু যমুনামুখ সমষ্টি দখ কৰিছে এ আই ইউ ডি এফে ৷ ইয়াৰে কলিয়াবৰ আৰু বঢ়মপুৰ সমষ্টি অগপৰ দূৰ্গ ৰূপে জনা যায় ৷ আনহাতে চামগুৰি সমষ্টিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দীৰ্ঘদিন ধৰি অধিকাৰ কৰি আহিছে ৷

সেইধৰণে চাবলৈ গ’লে যমুনামুখ আৰু ধিং সমষ্টিটো বাকী দলতকৈ প্ৰাধান্য বেছি এ আই ইউ ডি এফৰ ৷ ৰূপহী সমষ্টিটো কংগ্ৰেছৰ হাতলৈ যোৱাৰ পূৰ্বে অধিকাৰ কৰিছিল অগপই ৷ অৱশ্যে নগাঁও জিলা বিজেপিৰ অধীনৰ তিনিওটা সমষ্টিৰ ভিতৰত জিলা সদৰ সমষ্টি আৰু ৰহা সমষ্টি বিজেপিৰ দখলত থকাৰ বিপৰীতে বঢ়মপুৰ সমষ্টি যোৱা পাঁচটা কাৰ্যকাল প্ৰতিনিধিত্ব কৰিছে অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷

কিন্তু নগাঁও সমষ্টিত ৰূপক শৰ্মা জয়ী হ’লেও ৰহা সমষ্টিত বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসক লৈ সুখী নহয় ভোটাৰ ৷ আনহাতে, মিত্ৰতাৰ খাতিৰত এৰি দিব লাগিব বঢ়মপুৰ সমষ্টি ৷ যিদ কংগ্ৰেছে বঢ়মপুৰত সুৰেশ বৰাৰ পৰিৱৰ্তে আন কোনো নতুন প্ৰাৰ্থী ঠিয় কৰাই, তেন্তে প্ৰফুল্ল মহন্তৰ বাবে প্ৰত্যাহ্বান আহিব পাৰে ৷ গতিকে এই সকলো ফালৰ পৰা প্ৰত্যক্ষ কৰিলে দেখা যায় যে বিজেপিয়ে আটাইকেইটা সমষ্টি দখলৰ বাবে কিছু কঠিন যুঁজত অৱতীৰ্ণ হ’ব লাগিব ৷

লগতে পঢ়ক : শদিয়াত বিজেপিৰ মাজত বিসম্বাদ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.