কলিয়াবৰ,20 এপ্ৰিল: সোমবাৰে কলিয়াবৰৰ হাতীগাঁও সন্মিলিত যুৱক সংঘৰ সৌজন্যত আয়োজিত বিহুৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে ৷ ৰাইজৰ মৰম-আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা কন্ঠশিল্পী গৰাকীয়ে অনুষ্ঠানখনত উপস্থিত ৰাইজৰ মাজত সময় অতিবাহিত কৰে যদিও ৰাজ্য চৰকাৰে বান্ধি দিয়া ক'ভিড নিৰ্দেশনা মানি নিশা 11 বজাৰ আগতে সংগীতানুষ্ঠানৰ সামৰণি পেলাই ৷
উল্লেখ্য যে, অসমীয়া চহা জীৱনৰ গীত গাই প্ৰশাসনৰ ৰোষত পৰি তিনিমাহ কাৰাৰুদ্ধ হোৱা কন্ঠশিল্পী গৰাকীয়ে কয়, দেহত শেষ বিন্দু তেজ থকালৈকে কোনো ৰাজনৈতিক দলত যোগদান নকৰে ৷ একাংশই কন্ঠশিল্পী গৰাকীয়ে ৰাজনৈতিক দলত যোগদান কৰিব বুলি চলোৱা প্ৰচাৰক নস্যাৎ কৰি তেনে আলোচনাৰ কোনো সত্য-সত্যতা নাই বুলি উল্লেখ কৰে ৷