ETV Bharat / state

Preparation for Bhogali Bihu : কলিয়াবৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Jan 12, 2022, 1:58 PM IST

ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী (Preparations for Bhogali Bihu in Assam) । ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভোগালী মেলা । কলিয়াবৰতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আয়োজিত আত্মসহায়ক গোটৰ ভোগালী মেলা (Bhogali Mela at Sivsagar) ৷

Bhogali Bihu Preparation at Kaliabor
কলিয়াবৰত ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

কলিয়াবৰ, 12 জানুৱাৰী : চেনেহৰ ভোগালীলৈ মাজত মাথো এটা দিন বাকী ৷ ইতিমধ্যে শেষ পৰ্যায়ত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Preparations for Bhogali Bihu in Assam) ৷ ভোগালীৰ প্ৰাকক্ষণত ভোগৰ সামগ্ৰীৰে নদন-বদন হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ ৷ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ভোগালী মেলা (Bhogali Mela at Kaliabor) ৷ সমান্তৰালকৈ কলিয়াবৰতো আয়োজন কৰা হৈছে ভোগালী মেলাৰ ৷

Bhogali Bihu Preparation at Kaliabor
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ভোগালী মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত কলিয়াবৰত আয়োজন কৰা হৈছে এই ভোগালী মেলাৰ(Arrangement of Bhogali Mela) ৷ কলিয়াবৰৰ জখলাবন্ধাৰ এই বজাৰখনত উভৈনদী হৈ পৰিছে তিলপিঠা, ঘিলাপিঠা, বৰপিঠা, নাৰিকলৰ লাড়ু, সান্দহ, চিৰা, চুঙাপিঠা, দৈ আদিৰ উপৰি স্থানীয়ভাৱে প্ৰস্তুত কৰা ফূল, ধূপকাঠি, গামোচা, সাজপাৰ আদি ।

কলিয়াবৰ উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ (Bhogali mela organised by assam state rural livelihood mission) আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে ভৰি পৰিছে বজাৰসমূহ ৷ ভোগালী মেলাৰ জৰিয়তে গোটসমূহে উৎপাদন কৰা বাচকবনীয়া সামগ্ৰী আৰু সেৱাক এখন বজাৰ দিয়াৰ চেষ্টা কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনে ৷

ইফালে কলিয়াবৰৰ গাঁৱসমূহতো ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই ৰাইজৰ (Arrangement of Bhogali Bihu) মাজত ৷ ঢেঁকীশালত সান্দহ গুৰি, পিঠাগুৰি খুন্দা পৰ্ব, আখলত ঘিলা পিঠা, বৰ পিঠা, চুঙাপিঠা, মিঠৈ, নাৰিকলৰ লাড়ু প্ৰস্তুতিৰ কামে পাইছে শেষ পৰ্যায় ৷

কিয়নো, কাইলৈ ভোগালী বিহুৰ উৰুকা ৷ হাজাৰ বাধা-বিঘিনিৰ মাজতো সুৰক্ষিতভাৱে ভোগালী বিহু পালনৰ দিহা কৰিছে অসমবাসীয়ে ৷ ক'ভিড 19 য়েও ম্লান কৰিব পৰা নাই ৰাইজৰ আনন্দ-উলাহ ৷

লগতে পঢ়ক : Preparation for Bhogali Bihu: পদূলিমুখত ভোগৰ ভোগালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.