ETV Bharat / state

Bharat jodo yatra: বিজেপিক কঠোৰ ভাষাৰে সমালোচনা ভূপেন বৰাৰ

author img

By

Published : Nov 25, 2022, 7:17 PM IST

নগাঁৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা । শুক্ৰবাৰে নগাঁৱত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ,কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ(MP Gaurav Gogoi) , চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ৰূপহীৰ বিধায়ক নুৰুল হুদাই ।

Bharat jodo yatra
Bharat jodo yatra: বিজেপিক কঠোৰ ভাষাৰে সমালোচনা ভূপেন বৰাৰ

নগাঁও ,25 নৱেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো কাৰ্যসূচী শুক্ৰবাৰে নগাঁৱত অনুষ্ঠিত হয়(Bharat jodo jatra in Nagaon) । যোৱা 1 নৱেম্বৰৰ পৰা ৰাজ্যখনত আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা ৷ ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰিছিল এই যাত্ৰা (Bharat jodo jatra in Assam)৷

বিজেপিক কঠোৰ ভাষাৰে সমালোচনা ভূপেন বৰাৰ

শুক্ৰবাৰে নগাঁৱত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ,কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ(MP Gaurav Gogoi) , চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন , ৰূপহীৰ বিধায়ক নুৰুল হুদাই । ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তীব্ৰ কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক(Assam CM Himanta Biswa Sarma) ।

ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে সাপ হৈ খোটে আৰু বেজ হৈ জাৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই(APCC President Bhupen Borah) । তদুপৰি শেহতীয়া মুক্ৰ’ৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা একপক্ষীয় প্ৰেমত পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ।

বিজেপি চৰকাৰ কেৱল ধনীৰ চৰকাৰ দুখীয়া ৰাইজৰ কথা শাসনাধিষ্ঠিত বিজেপি দলে চিন্তা নকৰে বুলি উল্লেখ কৰে ভূপেন বৰাই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ৫০% বিনামূলীয়াকৈ বিজুলী দিয়াৰ কথা ঘোষণা কৰিছিল । কিন্তু এতিয়া ৫০% বিনামূলীয়া বিজুলী দূৰৰে কথা ক্ৰমাগতভাৱে বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাম-টাঙোন শোধাইছে সৰ্বসাধাৰণৰ ওপৰত(Electricity Price hike) ।

আগন্তক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজে বিজেপি চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি আশা ব্যক্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই । এইখন ঋণগ্ৰস্থ চৰকাৰে মূল্য বৃদ্ধিৰে প্ৰতিজন ৰাইজকে আৰ্থিক অৱস্থা তথৈবচ কৰি পেলাইছে বুলি উল্লেখ কৰে সভাপতি ভূপেন বৰাই ।

এই খন চৰকাৰৰ বিপদ আসন্ন বুলিও নগাঁৱৰ ভাৰত জোড়ো যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপি দলটোক সমালোচনা কৰে ।

লগতে পঢ়ক: PM Modi on Lachit Divas Program: অসমীয়াত ভাষণ আৰম্ভ কৰি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.