ETV Bharat / state

হৰিনামৰ ধ্বনিত মুখৰিত নগাঁৱৰ কলঙৰ বাকৰি

হৰিনামৰ ধ্বনিৰে মুখৰিত কলঙৰ বাকৰি । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত নগাঁৱৰ নেহেৰুৱালি । তিনিদিনীয়াকৈ অনুস্থিত ভাওনা সমাৰোহৰ সফল সামৰণি (bhaona samaruh held in nagaon) । দেওবাৰে নিশা অন্ত পৰে সমাৰোহখনিৰ ।

bhaona samaruh held in nagaon
হৰিনামৰ ধ্বনিত মুখৰিত নগাঁৱৰ কলঙৰ বাকৰি
author img

By

Published : Mar 14, 2022, 10:07 PM IST

নগাঁও, ১৪ মাৰ্চ: নগাঁৱৰ নেহেৰুৱালিত উখল-মাখল পৰিৱেশ । দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল কলঙৰ বাকৰি । একপ্ৰকাৰে ভক্তিৰসত বুৰ গ'ল নগাঁওবাসী । তিনিদিনীয়াকৈ অনুষ্ঠিত ভাওনা সমাৰোহৰ সফল সামৰণি পৰে (bhaona samaruh in nagaon ended successfully) ।

হৰিনামৰ ধ্বনিত মুখৰিত নগাঁৱৰ কলঙৰ বাকৰি

কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা সমাৰোহ ২০২২ ৰ দেওবাৰে নিশা সামৰণি পৰে । তিনিদিনীয়াকৈ অনুষ্ঠিত ভাওনা সমাৰোহৰ প্ৰথম নিশা অনুষ্ঠিত হয় ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান ।

দ্বিতীয় দিনা দুপৰীয়া শংকৰী কলা কৃষ্টিৰ ভিত্তিত কুইজ প্ৰতিযোগিতা, নাম প্ৰতিযোগিতা আৰু নিশালৈ একেলগে সাতখন খোলাত অংকীয়া নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় । অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত অৰ্থাৎ দেওবাৰে নিশা একেলগে সাতখন খোলাত কেলিগোপাল নাটৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

সামৰণি অনুষ্ঠানৰ কেলিগোপাল নাট প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে । অনুষ্ঠানৰ বিচাৰকৰ সিদ্ধান্ত অনুযায়ী প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ পুৰুষ ভাৱৰীয়া, শ্ৰেষ্ঠ মহিলা ভাৱৰীয়া, শ্ৰেষ্ঠ সত্ৰধাৰ, গায়ন বায়নৰ দলক পুৰস্কৃত কৰা হয় ।

লগতে পঢ়ক: Russia Ukraine crisis : যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বগৃহত উপস্থিত কাশ্যপ পিনাকী ৰঞ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.