বটদ্ৰৱা, 8 এপ্ৰিল: জগত গুৰু শংকৰদেৱৰ সৃষ্টিৰাজি হৰিনাম বৰগীতক আহিলা হিচাপে লৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যকলৈ বটদ্ৰৱা থানৰ প্ৰতিক্ৰিয়া ৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৰ নগাঁৱত জগত গুৰুজনাৰ সৃষ্টিৰাজি হৰি নামক নিৰ্বাচনী প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰি বিজেপিৰ প্ৰাৰ্থী সকলে চূড়ান্তভাৱে অপমান কৰা কাৰ্যক মানি লব পৰা নাই বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বটদ্ৰৱা বাসী ৰাইজে । বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ এনে কাৰ্যত ক্ষুব্ধ বটদ্ৰৱা বাসী ৷ গুৰুজনাৰ সৃষ্টিৰাজিৰ হৰিনাম, বৰগীত আদিক লৈ ৰাজনৈতিক দলে নিজৰ মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰি জাতিটোক আঘাত সনাৰ লগতে এনেধৰনৰ যিকোনো গৰ্হিত কাৰ্যৰ পৰা অনাগত দিনত বিৰত থাকি অসমবাসীৰ আগত ক্ষমা খুজিবলৈ দাবী জনাইছে বটদ্ৰৱাবাসীয়ে ৷ উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপক শৰ্মাই গুৰুজনাৰ সৃষ্টিৰাজিক পেৰডী ৰূপ দি নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল ৷
গুৰুজনাৰ সৃষ্টিৰাজিক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰি ৰাজ্যজুৰি গৰিহণাৰ সন্মুখীন বিজেপি - ETV BHARAT
বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ নামত গুৰুজনাৰ সৃষ্টি হৰিনাম ব্যৱহাৰ কৰা কাৰ্যত হৈ পৰিছে ক্ষুব্ধ বটদ্ৰৱা বাসী ৷ গুৰুজনাৰ সৃষ্টিৰাজিৰ হৰিনাম, বৰগীত আদিক লৈ ৰাজনৈতিক দলে নিজৰ মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰি জাতিটোক আঘাত সনাৰ লগতে এনেধৰনৰ যিকোনো গৰ্হিত কাৰ্যৰ পৰা অনাগত দিনত বিৰত থাকি অসমবাসীৰ আগত ক্ষমা খুজিবলৈ দাবী জনাইছে বটদ্ৰৱাবাসীয়ে ৷