বটদ্ৰৱা,15 নৱেম্বৰ: ৰাসৰ হৰ্ষোল্লাসৰ ধ্বনিৰে মুখৰিত অসমৰ আকাশ বতাহ ৷ শৰতৰ স্নিগ্ধ নিশাৰ মনোমোহা পৰিৱেশত জীপাল হৈ উঠিছে চৌদিশ ৷ ব্যতিক্ৰম নহ'ল নগাঁও জিলাও ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাতো অক্ষুণ্ণ আছে ৰাসোৎসৱৰ পূৰ্বৰ ধাৰাবাহিকতা ৷ বৃহস্পতিবাৰে সমষ্টিটোৰ বিধায়িকা, আঙুৰলতা ডেকা উপস্থিত হয় বটদ্ৰৱাস্থিত কুজিডাঁহ অঞ্চলৰ শ্ৰীকৃষ্ণ ৰাস মহোসৎৱত ৷

শিশু দিৱসৰ দিনা শিশুসকলৰ লগতে শতাধিক মহিলা তথা যুৱতীৰ লগত ৰাস নৃত্যত ভাগ ল'লে বিধায়িকা গৰাকীয়ে ৷ উল্লেখ্য যে,সমষ্টিৰ কেইবাখনো ৰাস মহোৎসৱত গোপিনীৰ ৰূপত নৃত্য কৰা দেখা গ'ল বিধায়িকা গৰাকীক ৷

লগতে পঢ়ক: হাতত গোলাপ ফুলৰ পুলি লৈ বিদ্যালয়ে বিদ্যালয়ে যাত্ৰা বহলপুৰৰ গংগাধৰ ৰায়ৰ