ETV Bharat / state

ভূ-মাফিয়াৰ কৱলত বটদ্ৰৱাৰ 500 বিঘাৰো অধিক ভূমিঃ নিৰ্লিপ্ত প্ৰশাসন, নিৱৰ আৰক্ষী !!

ভূমি বেদখলকাৰীয়ে বটদ্ৰৱাৰ ৫০০ বিঘাৰো অধিক চৰকাৰী ভূমি বেদখল কৰি থকাৰ অভিযোগ । বটদ্ৰৱা থান পৰিচালনা সমিতি, বিভিন্ন দল সংগঠন তথা সচেতন জনসাধাৰণে অচিৰেই বটদ্ৰৱাৰ এই ঐতিহাসিক ঠাইসমূহ বেদখলমুক্ত কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

author img

By

Published : Jun 19, 2019, 11:15 PM IST

ভূ-মাফিয়াৰ তাণ্ডৱে বিপদ মাতিছে গুৰুজনাৰ জন্মস্থানত !

বটদ্ৰৱা,১৯জুনঃ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত ভূ-মাফিয়া আৰু বেদখলকাৰীৰ দপদপনি।বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি,বটদ্ৰৱা থানৰ ১৮৩ বিঘা ভূমি ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে যদিও এতিয়াও বেদখলকাৰীৰ কৱলত আছে প্ৰায় ৫০০ বিঘা চৰকাৰী ভূমি । ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতি,সচেতন লোকৰ লগতে বিভিন্ন দল সংগঠনসমূহ ।

ভূ-মাফিয়াৰ তাণ্ডৱে বিপদ মাতিছে গুৰুজনাৰ জন্মস্থানত

দীৰ্ঘ দিন ধৰি বটদ্ৰৱাৰ সমীপৱৰ্তী শান্তিজান বজাৰত ৫ বিঘা মাটি, বৰহিছাত ১২৩ বিঘা, হাইডুবি পথাৰত আশী বিঘা,কৃষি বীজপামৰ ১৫০ বিঘা,ভোমোৰাগুৰি ৰিজাৰ্ভত ১০ বিঘা মাটিৰ লগতে ৰামপুৰ সত্ৰ, খলিহামাৰি ৰিজাৰ্ভ আৰু বগৰীগুৰি ৰিজাৰ্ভৰ প্ৰায় ৫০০ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে । বেদখলকৃত মাটিত নিশা ভিতৰতে সজা হৈছে এটাৰ পিছত আনটো ঘৰ । কেৱল ঘৰ সাজিয়ে ক্ষান্ত নাথাকি বেদখলকাৰীয়ে খান্দিছে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী । আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ গ্ৰহণকৰি স্থানীয় এটা দুষ্ট ভূমাফিয়া চক্ৰই মুকলিকৈ ধনৰ বিনিময়ত চৰকাৰী ভূমিত বাহৰ পাতিবলৈ অনুমতি দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । লগতে চৰকাৰী ভূমিত এইদৰে বাহৰ পাতি খনন চলোৱাৰ ফলত কৃষিজীৱী অঞ্চলটোৰ খেতিয়কৰ জীৱনলৈ নামি আহিছে তীব্ৰ সংকট । কাৰণ এই চৰকাৰী ভূমিত বৃহৎ আকাৰৰ পুখুৰীৰে ভৰি পৰাত বাৰিষাৰ দিনত কৃষি ভূমিত বানপানী সৃষ্টি হোৱাৰ প্ৰচুৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । সেয়ে সময় থাকোঁতেই চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে থানা পৰিচালনা সমিতি, সচেতন জনসাধাৰণকে ধৰি বিভিন্ন দল-সংগঠনে ।

Intro:গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত ভূমাফিয়া আৰু বেদখলকাৰীৰ দপদপনি । বেদখলকাৰীৰ কবলত ৫০০ বিঘাৰো অধিক ভূমি ৷ বেদখল মুক্ত কৰাৰ দাবী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ৷ ৰহস্যজনক নিৰৱ ভুমিকাত আৰক্ষী প্রশাসন । Body:বটদ্ৰৱত ক্ৰমাত বৃদ্ধি পাইছে ভূমাফিয়া আৰু অবৈধ বেদখলকাৰীৰ দপদপনিৰ ।গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ ১৮৩ বিঘা ভূমি ইতিমধ্য বেদখল মুক্ত হল যদি এতিয়াও চৰকাৰী আৰু বটদ্ৰৱা থানৰ প্ৰায়500 বিঘা ভূমি বেদখলকাৰীৰ কবলত। বটদ্ৰৱা থানকে ধৰি চৰকাৰী ৫০০ বিঘাৰো অধিক ভূমিত বেদখলকাৰীয়ে সাজিছে ঘৰ যাক লৈ জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংগঠন । দীৰ্ঘ দিন ধৰি বটদ্ৰৱাৰ সমীপৱৰ্তী শান্তিজান বজাৰত পাঁচ বিঘা মাটি, বৰহিছাত 123 বিঘা, হাইডুবি পথাৰত আশী বিঘা,কৃষি বীজপামৰ 150 বিঘা,ভোমোৰাগুৰি ৰিজাৰ্ভত 10 বিঘা মাটিৰ লগতে ৰামপুৰ সত্ৰ, খলিহামাৰি ৰিজাব আৰু বগৰীগুৰি ৰিজাবৰ প্ৰায় 500 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে । বেদখলকৃত মাটিত নিশা ভিতৰতে সাজিছে এটাৰ পিছত আনটো ঘৰ । ঘৰ সাজিয়ে ক্ষান্ত নাথাকি বেদখলকাৰীয়ে খান্দিছে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী । আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক নিৰবতাৰ সুযোগ গ্ৰহনকৰি স্থানীয় এটা দুষ্ট ভূমাফিয়া চক্রই মুকলিকৈ ধনৰ বিনিময়ত চৰকাৰী ভূমিত বাহৰ পাতিবলৈ অনুমতি দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এতিয়া প্ৰশ্ন হয় চৰকাৰী ভূমিত নিশা ভিতৰতে এই অচিনাকি লোকক কোনে দিলে অনুমতি যাক লৈ জাঙুৰখাই উঠিছে বটদ্ৰৱা থানা পৰিচালনা সমিতি, বিভিন্ন দল সংঘঠনৰ লগতে সচেতন মহল । লগতে চৰকাৰী ভূমিত এইদৰে বাহৰ পাতি খনন চলোৱাত কৃষিজীৱী অঞ্চলটোৰ খেতিয়কৰ জীৱনলৈ নামি আহিছে সংকট । কাৰণ এই চৰকাৰী ভূমিত বৃহৎ আকাৰৰ পুখুৰীয়ে ভৰি পৰাত বাৰিষাৰ দিনত কৃষি ভূমিত সৃষ্টি হব বানপানী ।যাৰ ফলত কৃষিজীৱী লোকসকলৰ জীৱনলৈ নামি আহিছে অমানিশা । সেইহে চৰকাৰে সময় থাকোতেই লওক উচিত ব্যৱস্থা । ইফালে বটদ্ৰবা থান পৰিচালনা সমিতিয়ে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহাসিক ঠাই সমূহ বেদখল মুক্ত কৰাৰ দাবী উথ্থাপন কৰিছে ।এতিয়া প্ৰশ্ন হয় চৰকাৰী ভূমিত অবৈধ ভাবে ৰাজত্ব কৰিবলৈ কেনেকৈ কোনে দিলে এই অচিনাকি লোকক অনুমতি ? কোনো ৰাজনৈতিক নেতা জৰিত হৈ এই দুষ্ট চক্রটোক দিছে নেকি অনুমতি ? যাক লৈ বটদ্ৰৱাত সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ । ______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.