ETV Bharat / state

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ বাকৰিত ভোগালী বিহু পালন

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰত ভোগালী বিহু উদযাপন । হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ-বতাহ । পৰম্পৰা অক্ষুণ্ণ ৰাখি দৌল মন্দিৰৰ বাকৰিত ভেলাঘৰ জ্বলোৱা পৰ্ব সম্পন্ন কৰিলে সত্ৰৰ ভকত আৰু স্থানীয় ৰাইজে ।

author img

By

Published : Jan 14, 2021, 4:02 PM IST

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰত ভোগালী বিহু উদযাপন

চামগুৰি,১৪ জানুৱাৰী: ৫০০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উদযাপন কৰা হ'ল মাঘ বিহু । আধ্যাত্মিক পৰিৱেশৰ মাজত অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি আহিছে বটদ্ৰৱাৰ ৰাইজে । আজিও ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ বাকৰিত সত্ৰৰ ভকত-বৈষ্ণৱসকলে নাম-কীৰ্তন কৰে । আধ্যাত্মিক ৰীতি-নীতিৰে ভেলাঘৰ জ্বলোৱা পৰ্ব সম্পন্ন কৰা হয় । পুৱাই বৈষ্ণৱসকলে ভেলাঘৰত নাম-কীৰ্তন কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ।

সমাজৰ অশুয়া-অপ্ৰীতি বিনাশ, মহামাৰীৰ সংকট দূৰ কৰাৰ কামনাৰে সকলোৱে সেৱা কৰে । হৰিনামৰ ধ্বনিৰ মাজতে ভেলাঘৰ জ্বলোৱা পৰ্ব সম্পন্ন কৰি ৰাইজৰ মংগল কামনা কৰে । সত্ৰৰ স্বকীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতিবছৰে এনেদৰে ভোগালী বিহু উদযাপন কৰা হয় । সত্ৰৰ ভকতৰ লগতে স্থানীয় লোকসকলেও এই অনুষ্ঠানত অংশ লয় । ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতাৰ পৰিৱৰ্তে কেৱল পৰম্পৰা ৰক্ষা কৰাতহে দৌল মন্দিৰ কৰ্তৃপক্ষই গুৰুত্ব দি আহিছে বুলি মন্তব্য কৰে সত্ৰৰ ভকতে ।

লগতে পঢ়ক:বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.