ETV Bharat / state

চৰকাৰে নিদিয়ে, সেয়ে ৰাইজে নিজেই মেৰামতি কৰিলে পথ ! - বাৰেগোগাৰ

পৰিৱৰ্তনগামী চৰকাৰৰ দিনত ৰাইজেই কৰিব লগা হৈছে নিজৰ পৰিৱৰ্তন। ৰহা সমষ্টিৰ অন্তৰ্গত বাৰেগোগাৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক। পথটোৰ দুৰৱস্থা কথা অৱগত কৰাৰ পিচতো কোনো গুৰুত্ব প্ৰদান নকৰিলে পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়ক ডিম্বেশ্বৰ দাসে। অৱশেষত চৰকাৰলৈ বাট নাচায় দান-বৰঙণিৰে বোকাময় পথটো মেৰামতি কৰিবলৈ পুৱাই ওলাই আহিল ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ শতাধিক পুৰুষ মহিলা ।

ৰহা
author img

By

Published : Oct 11, 2019, 1:23 PM IST

ৰহা, 11 অক্টোবৰঃ ৰহা সমষ্টিৰ অন্তৰ্গত বাৰেগোগাৰ আঠ নং ৱাৰ্ডৰ এটা পথে জ্বলাকলা খুৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। ৰহা-কামপুৰ মূল পথটোৰ কাষেৰে বাৰেগোগা-নাৰিকলিলৈ যোৱা পথটোৱে দীৰ্ঘদিন ধৰি জীয়াটো ভোগাইছে অঞ্চলবাসীক। গাড়ী-মটৰ বাদেই , পথটোত এজাক বৰষুণতেই একাঁঠু বোকা হৈ পৰাত স্কুল-কলেজলৈ খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা ছাত্ৰ-ছাত্ৰী সকলে। পথটোৰ এনে দুৰৱস্থাৰ বিষয়ে স্থানীয় প্ৰতিনিধি আৰু সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক বহু বাৰ অৱগত কৰাৰ পাচতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা অভিযোগ তোলে ৰাইজে ৷ অৱশেষত দান বৰঙনিৰে শিল-বালি আনি পথ মেৰামতি কৰাত নামি পৰিল কণ কণ ল'ৰা-ছোৱালীসহ 60 ৰ উৰ্ধ আইতাৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ। আনহাতে শীঘ্ৰে পথটোৰ যাতায়তৰ বাবে সুব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।

ৰাইজৰ শ্ৰম দান

Intro:
Sub= চৰকাৰলৈ বাট নাচাই ৰাইজৰ শ্ৰম দানেৰে মেৰামতি এটা পথ। ৰৈ নাথাকিল ষাঠি উৰ্ধ আইতাও।
Anchor= পৰিবৰ্তনগামী চৰকাৰৰ দিনত ৰাইজেই কৰিব লগা হৈছে নিজৰ পৰিবৰ্তন। ৰহা সমষ্টিৰ অন্তৰ্গত বাৰেগোগাৰ এটা পথে জ্বলা কলা খোৱাইছে ৰাইজক। পথটোৰ দুৰৱস্থা কথা অৱগত কৰাৰ পিছতো আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰিলে পঞ্চায়ত প্ৰতিনিধি তথা বিধায়ক ডিম্বেশ্বৰ দাসে। অৱশেষত চৰকাৰলৈ বাট নাচাই দান বৰঙণিৰে বোকাময় পথটো মেৰামতি কৰিবলৈ পুৱাই ওলাই আহিল ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ শতাধিক পুৰুষ মহিলা ।

Body:Vo= ৰহা সমষ্টিৰ অন্তৰ্গত বাৰেগোগাৰ আঠ নং ৱাৰ্ডৰ এটা পথে জ্বলা কলা খোৱাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক। ৰহা-কামপুৰ মূল পথটোৰ কাষেৰে বাৰেগোগা-নাৰিকলিলৈ সুমাই যোৱা এইটো পথে দীৰ্ঘদিন ধৰি জিয়াটো ভোগাইছে ৰাইজক। গাড়ী-মটৰ বাদেই দিয়ক, এজাক বৰষুণতেই একাঠু পৰ্যন্ত বোকা হৈ পৰাত স্কুল কলেজলৈ খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা ছাত্ৰ ছাত্ৰী সকলে। পথটো এনে দুৰৱস্থা কথা স্থানীয় প্ৰতিনিধি আৰু সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক বহু বাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত দান বৰঙনিৰে ৰাবিজ আনি পথ মেৰামতি কৰাত কণ কণ লৰা ছোৱালী সহ ষাঠি উৰ্ধ আইতাৰ লগতে নামি পৰিল অঞ্চলটোৰ শতাধিক ৰাইজ। আনহাতে শীঘ্ৰে পথটো যাতায়তৰ বাবে সুব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।
Byte= স্থানীয় লোক।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.