ETV Bharat / state

বিধায়িকা আঙুৰলতাৰ সমষ্টিত শিক্ষা খণ্ডৰ নগ্ন ছবি - বটদ্ৰৱা সমষ্টি

বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক প্ৰায়ে নিজ সমষ্টিত সক্ৰিয় হৈ থকা দেখা যায় ৷ কিন্তু তেওঁৰ সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি মুক্তাব বিদ্যালয়ৰ দৃশ্য দেখিলে হতবাক হ'ব আপুনি ৷

বিধায়িকা আঙুৰলতাৰ সমষ্টিত শিক্ষা খণ্ডৰ নগ্ন ছবি
author img

By

Published : Sep 18, 2019, 3:27 PM IST

বটদ্ৰৱা, 18 চেপ্তেম্বৰঃ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত শিক্ষা বিভাগৰ নগ্ন ৰূপ ৷ আন্তঃগাঁথনিৰ অভাৱত সংকটত এখন বিদ্যালয় ৷ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি মুক্তাব বিদ্যালয়খনলৈ বছৰ বছৰ ধৰি নাহিল কোনো পৰিৰ্ৱতন ৷ ১৯৭১ চনতে স্থাপিত বিদ্যালয়খনলৈ যাবলৈ নাই কোনো পথৰ ব্যৱস্থা যাৰ বাবে পানীৰ মাজত ডুবি থকা বিদ্যালয়লৈ বাঁহৰ সাকো পাৰ হৈ বিপদসংকুলভাৱে যাবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰী ৷ আনহাতে বিদ্যালয়খনৰ ভূমিও এতিয়া বেদখলকাৰীৰ কৱলত ৷ বেদখলকাৰীয়ে বৃহৎ আকাৰৰ পুখুৰী খন্দাৰ ফলত ধ্বংসৰ দিশলৈ গতি কৰিছে বিদ্যালয়খন ৷

বিধায়িকা আঙুৰলতাৰ সমষ্টিত শিক্ষা খণ্ডৰ নগ্ন ছবি

এই বিষয়ে বটদ্ৰৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ত আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে বাৰম্বাৰ জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ সেয়ে এতিয়া বিদ্যালয়খনৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক কেতিয়াবা কোনো লোকৰ ঘৰৰ চোতালত, আন কেতিয়াবা গছৰ তলতেই পাঠদান কৰিবলৈ বাধ্য হৈছে ৷

Intro:ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ নমুনা ৷ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত শিক্ষা বিভাগৰ নগ্ন ৰূপ ।বিকশিত অসমৰ শিক্ষা খণ্ডৰ উন্নয়নৰ নমুনা । শিক্ষাৰ নামত প্ৰকৃততে কি চলিছে ৰাজ্যৰ শিক্ষা খণ্ডত ।Body:বিধায়িকা আঙুৰলতা ডেকাৰ বটদ্ৰৱা সমষ্টিৰ এখন বিদ্যালয় ।বিদ্যালয় খনে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ ফোপোলা স্বৰূপটো । বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি মুক্তাব বিদ্যালয়ৰ দৃশ্য এইয়া । চাওক কেনেকৈ ছাত্ৰ ছাত্ৰী, শিক্ষয়িত্রীয়ে কৰিছে যাতায়াত । ১৯৭১ চনতে স্থাপিত হোৱা এই বিদ্যালয় খনত ১০৭ জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া এনেদৰেই বিপদসংকুল ভাৱে যাতায়াত কৰি কৰিবলগীয়া হৈছে শিক্ষা গ্রহণ ৷ কিন্তু বছৰ পিছত বছৰ ধৰি বিদ্যালয়খনৰ আন্তঃ গাঁথনিৰ ক্ষেত্ৰত নাহিল কোনো পৰিৱৰ্তন ৷ বিদ্যালয়লৈ যাবলৈ নাই কোনো পথৰ ব্যৱস্থা । সেয়েহে বিপদসংকুল ভাৱে বাঁহৰ সাঁকোৰে পাৰ হবলগীয়া হৈছে কন কন শিশু ছাত্ৰ-ছাত্ৰীয়ে । কাৰণ বিদ্যালয়খনৰ ভূমি বেদখলকাৰীৰ কৱলত । বেদখলকাৰীয়ে বৃহৎ আকাৰৰ পুখুৰী খন্দাৰ ফলত ধ্বংসৰ দিশত গতি কৰিছে এই বিদ্যালয়খনে । যাৰ ফলস্বৰূপে বিদ্যালয়খনৰ এটা অংশ গৈছে খহি ।বিদ্যালয়লৈ যোৱা মূল পথৰ ওপৰত বাৰ মাহৰ ছয় মাহেই থাকে এককাল পানী ।সেয়েহে ভাৱে ছাত্ৰ ছাত্ৰীয়ে বাঁহৰ সাঁকোৰে কৰিবলগীয়া হৈছে যাতায়ত । এই বিষয়ে শিক্ষা খণ্ডৰ কাৰ্যালয়ত আৰু সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাকো বাৰম্বাৰ অনুৰোধ কৰিছিল শিক্ষক-শিক্ষয়িত্রী আৰু স্থানীয় ৰাইজে । কিন্তু এই ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যতৰ কথা চিন্তা কৰিবলে আহৰি নাই শিক্ষা বিভাগৰ লগতে সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ । এইয়াই হৈছে বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ শিক্ষা বিভাগৰ উন্নয়নৰ জীৱন্ত বাস্তৱ ছবি । বৰ্তমান যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে শিক্ষক-শিক্ষয়িত্রীৰ লগতে অভিভাৱক সকল । কাৰণ চাৰিওফালে থকা পুখুৰীৰ ফলত যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে বিদ্যালয়খন ।সেয়েহে সংকট আহিছে বিদ্যালয়খনলৈ । বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী বুলু বৰুৱাই এতিয়া কন কন ছাত্ৰ ছাত্ৰী সকলক মানুহৰ ঘৰৰ চোতালতে কৰিবলগীয়া হৈছে পাঠদান । কেতিয়াবা কোনো লোকৰ ঘৰৰ চোতালত, কেতিয়াবা আকৌ গছৰ তলতেই ছাত্ৰ ছাত্ৰীয়ে কৰি গৈছে শিক্ষা জীৱনৰ সংগ্রাম । এইয়াই হৈছে বিকশিত অসমৰ বিয়াগোম শিক্ষা বিভাগৰ নগ্ন স্বৰূপ । উল্লেখ্য যে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষা আহৰণৰ বাবে কোটি কোটি টকা অভিলাষী আঁচনি ধাৰ্য কৰিলেও প্ৰকৃততে চৰকাৰী আঁচনিৰ যে কোনো কাৰ্যকৰীকৰণ হোৱা নাই এই কথা বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ বৰভেটি মুক্তাব বিদ্যালয়ে উদঙাই দিছে ৷ ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত গুণোৎসৱ পাতি শিক্ষা খণ্ডৰ ব্যাপক উন্নয়নৰ ঢাক ঢোল বজালেও আচলতে কোনো পৰিৱৰ্তন নাহিল ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ৷ এতিয়া প্ৰশ্ন হয় বিদ্যালয়ৰ ভূমিত বলপূর্বক ভাবে বেদখল মুক্ত কৰিবলৈ শিক্ষা বিভাগে কিবা ব্যৱস্থা গ্রহণ কৰিবনে? নে এই ছাত্ৰ ছাত্ৰীৰ ভবিষ্যতক লৈ হেতালি খেলিব শিক্ষা বিভাগৰ লগতে বিধায়িকা আঙুৰলতা ডেকাই? সেইয়া হে হব লক্ষণীয় ।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.