ETV Bharat / state

আউনীআটীৰ এডলীয়াবড় শাখা সত্ৰত চুৰিকাৰ্য

author img

By

Published : Feb 24, 2020, 4:10 PM IST

নগাঁৱৰ ঐতিহাসিক আউনীআটীৰ এডলীয়াবড় শাখা সত্ৰত চোৰৰ তাণ্ডৱ ৷ সোণ-ৰূপৰ অলংকাৰসহ লুটি নিয়ে নগদ ধন ৷ সোমবাৰে পুৱা নামঘৰীয়া জনে সত্ৰলৈ নামঘৰ পৰিস্কাৰৰ বাবে আহোতেহে পোহৰলৈ আহিল সমস্ত চুৰিকাণ্ডৰ ঘটনা ৷

Auniaati Edliyabor Satra theft
আউনীআটীৰ এডলীয়াবড় শাখা সত্ৰত চুৰিকাৰ্য

নগাঁও,24 ফেব্ৰুৱাৰীঃ দেওবাৰে নিশা নগাঁও জিলাৰ আউনীআটীৰ এডলীয়াবড় শাখা সত্ৰত চোৰে চলায় লুটপাট ৷ নগাঁৱৰ ঐতিহাসিক সত্ৰখনৰ পৰা চোৰে লুটি নিয়ে সোণ-ৰূপৰ অলংকাৰসহ নগদ ধন ৷ চোৰে ১০পাত সোণৰ ফুলি, ৰূপৰ ফুলি ২০পাত, পিতলৰ মূৰ্ত্তি ৫টা, কাহঁৰ দুভাগ বাদ্যৰ লগতে অন্যান্য বহু মূল্যবান সা-সামগ্ৰীৰ লগতে সত্ৰত থকা দানপাত্ৰৰ তলা ভাঙি বহু টকা-পইছা লৈ যায় বুলি সত্ৰৰ ভকতসকলে সাংবাদিকক জনায় ৷ সোমবাৰে পুৱা নামঘৰীয়া জনে সত্ৰলৈ নামঘৰ পৰিস্কাৰৰ বাবে আহোতেহে পোহৰলৈ আহিল সমস্ত চুৰিকাণ্ডৰ ঘটনা ৷ ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

লগতে পঢ়ক-ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজা লোকজন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.