ETV Bharat / state

ছলমানৰ হাতৰ পৰা কথামপি ৰক্ষা পৰিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক

author img

By

Published : Apr 25, 2020, 8:49 PM IST

প্ৰতিশোধৰ পণ লোৱা ড্ৰাগছ ব্যৱসায়ী ছলমান হুছেইনে আজি পুৱাই চোকা অস্ত্ৰৰে খলিল উদ্দিনক হত্যাৰ চেষ্টা চলায় ৷ কথামপি ৰক্ষা পৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক গৰাকী

attacked by drugs addicted nagaon assam etv bharat news
ছলমানৰ হাতৰ পৰা কথামপি ৰক্ষা পৰিল গাঁওৰক্ষী বাহিনীৰ সম্পাদক

নগাঁও,25 এপ্ৰিলঃ দিনে-দিনে নগাঁৱত বৃদ্ধি পাইছে অসামাজিক কাৰ্য-কলাপৰ লগতে অপৰাধমূলক ঘটনা ৷ নগাঁৱৰ আজাদনগৰৰ নাজিৰাজানত আজি গাঁওৰক্ষী বাহিনীৰ সম্পাদকক হত্যাৰ চেষ্টা চলালে এগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে৷ ঘটনা অনুসৰি,কিছুদিন পূৰ্বে আজাদনগৰৰ নাজিৰাজান গাঁওৰক্ষী বাহিনীয়ে অঞ্চলটোৰ ছলমান হুছেইন নামৰ যুৱকজনৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিতেই অভিযান চলাই যুৱকজনক বাধা প্ৰদান কৰিছিল নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় কৰাত ৷ এইয়াই যেন কাল হ'ল গাঁওৰক্ষী বাহিনীৰ সম্পাদক খলিল উদ্দিনৰ ৷ প্ৰতিশোধৰ পণ লোৱা ড্ৰাগছ ব্যৱসায়ী ছলমান হুছেইনে আজি পুৱাই চোকা অস্ত্ৰৰে খলিল উদ্দিনক হত্যাৰ চেষ্টা চলায়৷ কিন্তু আক্ৰমণৰ লগে লগে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত স্থানীয় লোকৰ তৎপৰতাত কথামপি ৰক্ষা পৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক গৰাকী৷ ইপিনে ৰাইজে আক্ৰমণকাৰী তথা ড্ৰাগছ ব্যৱসায়ী ছলমান হুছেইনক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ আনহাতে আক্ৰমণকাৰী ড্ৰাগছ ব্যৱসায়ীজনৰ বিৰুদ্ধে এতিয়া কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ব্যাপক হাৰত পৰীক্ষা কৰাই মূল উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.