ETV Bharat / state

ধিঙত বাতৰি সংগ্ৰহৰ কৰিবলৈ যোৱা সাংবাদকৰ্মীক আক্ৰমণ - সাংবাদকৰ্মী

আৰক্ষীৰ গুলিত জয়নাল আবেদিনৰ মৃত্যুক লৈ ধিঙত প্ৰতিবাদ । বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদকৰ্মীক আক্ৰমণ নিহত জয়নাল আবেদিনৰ পৰিয়ালৰ । সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দিছে নগাঁও প্ৰেছ ক্লাৱে ।

Attack on journalist in Dhing etv bharat assam
ধিঙত বাতৰি সংগ্ৰহৰ কৰিবলৈ যোৱা সাংবাদকৰ্মীক আক্ৰমণ
author img

By

Published : Jul 13, 2021, 10:20 PM IST

নগাঁও, 13 জুলাই : আৰক্ষীৰ গুলিত জয়নাল আবেদিন নাম লোকজনৰ মৃত্যু হোৱা ঘটনাক লৈ ধিঙত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল দুগৰাকী সংবাদকৰ্মী ৷ দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলিত জয়নাল আবেদিন নামৰ এজন অভিযুক্তৰ মৃত্যু হৈছিল ৷ এই অভিযুক্তজনৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই মঙলবাৰে ধিঙত একাংশ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ধিঙৰ দুগৰাকীকৈ সাংবাদকৰ্মীক আক্ৰমণ কৰে একাংশই । ইয়াৰ পাচতে নিহত জয়নাল আবেদিনৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে সাংবাদকৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলাৰ সাংবাদিক সন্থাৰ লগতে ভুক্তভোগী সংবাদকৰ্মীয়ে । অভিযোগ অনুসৰি একাংশ লোকে আৰক্ষীৰ সন্মুখতেই সাংবাদকৰ্মীক আক্ৰমণৰ চেষ্টা চলাই যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে দুই গৰাকী সাংবাদকৰ্মী ।

ধিঙত বাতৰি সংগ্ৰহৰ কৰিবলৈ যোৱা সাংবাদকৰ্মীক আক্ৰমণ

কেৱল ইয়াতেই ক্ষান্ত নাথাকি আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে একাংশ লোকে । বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদকৰ্মীক আক্ৰমণ কৰা ঘটনাক ধিং প্ৰেছ ক্লাৱৰ লগতে নগাঁৱৰ সাংবাদিকসকলে গৰিহণা দিয়ে ।

নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি কেইবাটাও অপৰাধৰ সৈতে জড়িত জয়নাল আবেদিনে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলি চলাবলৈ বাধ্য হৈছিল ৷ ইয়াৰ পাচতে আৰক্ষীৰ গুলি লাগি নিহত হৈছিল অভিযুক্ত জয়নাল আবেদিন ৷ জয়নাল আবেদিনক নিৰ্দোষী বুলি দাবী কৰি স্থানীয় একাংশ লোকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মঙলবাৰে ধিঙৰ শালকাটিত সাব্যস্ত কৰে প্ৰতিবাদ । এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ লগতে তেওঁৰ বদলিৰ দাবী তোলে ৷

লগতে পঢ়ক: যুৱতী-বোৱাৰীক অশ্লীল মেছেজ দি লক্ আপত সোমাল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.