ETV Bharat / state

নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন - পথ দুৰ্ঘটনা

নিশা প্ৰায় ১১ বজাত নগাঁও-মৰিগাঁও সংযোগী মূল গড়কাপ্তানী পথৰ কুৰুৱাবাহীত AS-01-AM-3609 নম্বৰৰ চাৰিচুকীয়া বাহনেৰে বিবাহ অনুষ্ঠানৰ পৰা দৰা-কইনা কঢ়িয়াই আহি থকা সময়তে AS-01-Y-3001 নম্বৰৰ বাইকখনৰ লগ মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী বিকুল ডেকা

নগাঁৱত শোঁকাৱহ পথ দুৰ্ঘটনা
author img

By

Published : Apr 26, 2019, 9:10 PM IST

নগাঁও, 26 এপ্ৰিলঃ নগাঁৱৰ কুৰুৱাবাহীত শোকাৱহ পথ দুৰ্ঘটনা ৷ দৰা কইনা কঢ়িওৱা বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষত থিতাতে নিহত এজন আৰু আহত চাৰি ৷ নগাঁৱৰ বটদ্ৰৱাৰ সমীপৰ জাজৰি আৰক্ষী থানাৰ অধীনস্থ কুৰুৱাবাহীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ খবৰ অনুসৰি, নিশা প্ৰায় ১১ বজাত নগাঁও-মৰিগাঁও সংযোগী মূল গড়কাপ্তানী পথৰ কুৰুৱাবাহীত AS-01-AM-3609 নম্বৰৰ চাৰিচুকীয়া বাহনেৰে বিবাহ অনুষ্ঠানৰ পৰা দৰা-কইনা কঢ়িয়াই আহি থকা সময়তে AS-01-Y-3001 নম্বৰৰ বাইকখনৰ লগ মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী বিকুল ডেকা ৷ তাৰোপৰি গুৰুতৰভাৱে আহত হয় বাইকখনৰ অন্য দুই আৰোহী এগৰাকী মহিলা আৰু এটি শিশু ৷ আহত দুয়োগৰাকীকে প্ৰত্যক্ষদৰ্শীৰ তৎপৰাত জি এম চি এইচ লৈ প্ৰেৰণ কৰে৷

আনহাতে, দুৰ্ঘটনাটোৰ ফলত আহত দৰা-কইনাদ্বয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷

নগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা

Intro:নগাঁৱৰ কুৰুৱাবাহীত নিশা ভয়াৱহ পথ দুৰ্ঘটনা ।দৰা-কইনা কঢ়িওৱা বাহন-বাইকৰ মুখামুখি সংঘৰ্ষ।থিতাতে নিহত এজন,শিশু-মহিলাসহ আহত চাৰি ।
Body:নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ জাজৰি আৰক্ষী থানাৰ অধীনস্থ কুৰুৱাবাহীত বৃহস্পতিবাৰে নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত নগাঁও- মৰিগাঁও জিলা সংযোগী মূল গড়কাপ্তানী পথৰ কুৰুৱাবাহীত এ এছ ০১ এম ৩৬০৯ নম্বৰৰ এক বিৱাহ অনুষ্ঠানৰ পৰা দৰা-কইনা কঢ়িয়াই অনা চেভ্ৰলেট গাড়ীখনৰ এ এছ ০১-ৱাই ৩০০১ নম্বৰৰ টি.ভি.এছ বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত লগে বাইক আৰোহী বিকুল ডেকা থিতাতে নিহত হয়।নিহত ডেকাৰ ঘৰ ৰহঢলাত বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ইফালে বাইকখনৰ অন্য দুই আৰোহী ক্ৰমে এগৰাকী মহিলা আৰু এটি শিশুক গুৰুতৰভাৱে আহত হয় আৰু নিশাই দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি. এম. চি এইচ লৈ প্ৰেৰণ কৰা হয়। ইপিনে, দুৰ্ঘটনাটোৰ ফলত আহত দৰা-কইনাদ্বয়কো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.